বৰপথাৰঃ সৰুপথাৰ বিধান সমষ্টিৰ ইখনৰ পিছত সিখন গাঁৱৰ লোকৰ স্থানীয় বিধায়িকা বাইদেউৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ৷ ক্ষোভৰ মাত্ৰা দিনেই বৃদ্ধি পাইছে৷ কিয়নো বিধায়িকা বাইদেউে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি কেতিয়াও ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ নিৰ্বাচন আহিলেই বিধায়িকা বাইদেউ ৰজ’লীনা তিৰ্কীয়ে বিশেষকৈ বাট-পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিলৈ বাট-পথৰ উন্নয়ন কৰিব পৰা নাই৷ ফলত সমষ্টিৰ ইখনৰ পিছত সিখন গাঁৱৰ লোক নাৰাজ হৈ পৰিছে৷ এতিয়া এনে প্ৰাযয় পাইছেগৈ প্ৰতিদিনে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে৷ ইপিনে সোমবাৰে
৯৪নং সৰুপথাৰ বিধান সমষ্টিৰ কেইবা খনো গাঁৱৰ ৰাইজে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷ পথৰ কদৰ্যময় পৰিবেশৰ বাবে জ্বলা-কলা খাই থকা লোকে ঘৰৰ পৰা ওলাই আহি পথৰ বোকাত ভূঁই ৰুই প্ৰতিবাদ জনায়৷ সমষ্টিটোৰ বৰপথাৰ মৌজাৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ চাংপুল তেলখাট তিনিআলি-গাড়ীগাঁও সংযোগী পথ মেৰামতিৰ অভাৱ বোকা-পানীৰে ভৰি পৰিছে৷ খৰালী-বাৰিষা খোজ কাঢ়িবলৈ পৰিবেশ নাথাকে৷ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগিব লগীয়া হৈছে। বিধায়িকা তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো আজিলৈ পথটোত শিল-বালি নপৰিল৷ ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে বিধ্বস্ত পথেৰে যাতায়ত কৰিবলগীয়া হৈছে। পথ নিৰ্মাণ নকৰাৰ ফল ২০২১ৰ নিৰ্বাচনত দিয়া হ’ব বুলি কয় ৰাইজে৷