সৰুপথাৰঃ কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ নতুনকৈ তিনি বিধয়েক সদনত গৃহীত কৰাৰ পিছতে সোচ্ছাৰ হৈ পৰিছে দেশৰ কৃষক৷ দেশৰ কৃষকে নিতৌ প্ৰতিবাদ কৰি গৈছে৷ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে দেশৰ ২৬টাকৈ কৃষক-শ্ৰমিকে আজি ভাৰত বন্ধ ঘোষণা কৰে৷ যাৰ ফলত শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কৃষক-শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজপথলৈ ওলাই আহি বিভিন্ন সংগঠনৰ নেতৃত্বত কৃষক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক বিৰোধী তিনিখন আইন জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি কৃষক সংগঠনসমূহে উজনিৰ সৰুপথাৰতো প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন দল-সংগঠনে বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই প্ৰতিবাদ সাব্যস্ত কৰে৷ ভাৰত বন্ধৰ প্ৰভাৱ সৰুপথাৰ নগৰত সৰ্বাত্মক ৰূপত পৰে। নগৰখনৰ চৌদিশে নিজম পৰিবেশ। দোকান-পোহাৰো বন্ধ। পথত মানুহ গাড়ী দেখা নগল।