ডিজিটেল সংবাদ, সৰুপথাৰঃ নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰে ধনশিৰি মহকুমাৰ সৰুপথাৰস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত প্ৰায় ৩ কোটি টকাৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি থকা সমূহীয়া মুকলি মঞ্চৰ কাম নিৰিক্ষণ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷ বুধবাৰে আবেলি ৪ মান বজাত বিধায়কগৰাকীয়ে মুকলি মঞ্চ নিৰ্মাণস্থলীত দলীয় কাৰ্যকৰ্তাৰ সৈতে উপস্থিত হৈ মুকলি মঞ্চ নিৰ্মাণ কাম পৰিদৰ্শন কৰাৰ লগতে অহা এপ্ৰিল মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্মাতা গোষ্ঠীক নিৰ্দেশ দিয়ে ৷ এই মুকলি মঞ্চত প্ৰায় বাৰশ ৰাইজে একেলগে সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব পাৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে৷ মুকলি মঞ্চ পৰিদৰ্শনৰ সময়ছোৱাত বিধায়কগৰাকীৰ সৈতে বিজেপিৰ গোলাঘাট জিলাৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অনুপ জ্যোতি বৰা, সৰুপথাৰ মণ্ডল বিজেপিৰ সভাপতিৰ লগতে বহুকেইজন বিজেপি নেতা, কৰ্মী উপস্থিত থাকে ৷ উল্লেখ্য যে বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধায়ক বিশ্বজিৎ ফুকনে বিভিন্ন ধৰনৰ উন্নয়নমূলক কাম-কাজ কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে ৷