সৰুপথাৰঃ ২০১৫ চনৰে পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। যোগ অভ্যাস কৰাটো একমাত্ৰ শাৰীৰিক ব্যায়ামেই নহয়, ই মানসিক সুস্থতা আৰু সহনশীলতা বৃদ্ধি তথা শৰীৰৰ অনাৱশ্যক ওজন কমোৱাতো সহায়ক। যোগ অভ্যাসে যিদৰে শৰীৰক সুস্থতা আৰু উন্নতি প্ৰদান কৰে, তেনেদৰে নৈতিক উন্নতিৰ লগতে স্বৰ্গীয় সুখানুভূতি দিয়ে। সেয়েহে সমগ্ৰ বিশ্বৰ লগতে ধনশিৰি মহকুমাৰ সৰুপথাৰটো ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত সৰুপথাৰ মহাবিদ্যালয়ৰ মুহীকান্ত তামুলী প্ৰেক্ষাগৃহত অষ্টম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই দিৱসত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ প্ৰধান সচিব ড° আৰিজ আহমেদ উপস্থিত থাকি সকলোকে যোগ দিৱসৰ শুভকামনা যাঁচে। এই দিৱসত যোগ শিক্ষকে শিকোৱা প্ৰতিটো যোগ কৌশল উপস্থিত সকলো লোকে আৰু ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে কৰিবলৈ যত্ন কৰে। ধনশিৰি মহকুমাৰ উদ্যোগত আয়োজন কৰা যোগ দিৱসত ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মণিপ্ৰভা বৰাৰ লগতে মহকুমা প্ৰশাসনৰ ভালেকেইজন বিষয়া, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপকসকল, সৰুপথাৰ পৌৰসভাৰ পৌৰনেত্ৰী, আৰু ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।