নিউজ ডেস্কঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানৰ হলৌগুৰিত শনিবাৰে নিশা সংঘটিত হয় ডকাইতি কাণ্ড৷ ঋতুপন হাজৰিকা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ডকাইতি কাণ্ড ৷ নিশা প্ৰায় ১২ বজাত ৬ জনীয়া ডকাইতৰ দলে গৃহস্থক হাত-ভৰি বান্ধি পিষ্টল দেখুৱাই লুটি নিলে নগদ ধনৰ লগতে সোণৰ অলংকাৰ৷ আনহাতে ঘটনাৰ খবৰ পাই নিশায়ে চুঙাজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত ডকাইতৰ কোনো সম্ভেদ লাভ কৰা নাই ৷ এই ডকাইতি কাণ্ডই সমগ্ৰ চুঙাজান সীমান্তত আতংক বিৰাজ কৰিছে ৷