সৰুপথাৰঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা সমিতি আৰু প্ৰাথমিক সমিতিৰ উদ্যোগত আজি ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।
এই কাৰ্যসূচীৰ দ্বাৰা আদিবাসী ছাত্ৰ সংগঠনটোৱে জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু অসম নগালেণ্ড সীমা সমস্যা সম্পৰ্কত অতি শীঘ্ৰে বৰ্তমানৰ বিজেপি শাসনাধিষ্ঠ চৰকাৰখনক মীমাংসা কৰি উচিত ব্যৱস্থা কৰিবলৈ দাবী জনায়।
অন্যথা ২০২১ চনৰ নিৰ্বাচনত বিজেপিক গাদীৰ পৰা উফৰাই দিয়াৰো হুংকাৰ দিয়ে। লগতে আছা জিন্দাবাদ, বিজেপি গ’ বেক, সীমান্ত সমস্যা সমাধান কৰক, সৰ্বানন্দৰ কাম নাই, মাটিৰ পট্টা প্ৰদান কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।