নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ৰাজাগাঁও নিৱাসী এসময়ৰ সাংবাদিক তথা সৰবৰহী ব্যক্তি ৰাজুমণি ৰাজাৰ শুকুৰবাৰে দুপৰীয়া গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আকস্মিক বিয়োগ ঘটে । ৪২ বছৰীয়া ৰাজা বৃহস্পতিবাৰে হঠাতে শ্বাস প্ৰশ্বাসজনিত ৰোগত গুৰুত্বৰ ভাবে আক্ৰান্ত হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়ে যদিও মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । নগাঁও জিলা সত্ৰ ন্যায়ালয়ৰ কৰ্মচাৰী ৰাজুমণি ৰাজাই এসময়ত অধুনালুপ্ত ‘জনসাধাৰণ’ কাকতৰ বটদ্ৰৱাৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল। চাকৰিৰ ব্যস্ততাৰ মাজতো সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত থকা ৰাজুমণি ৰাজাৰ এনে অকাল বিয়োগত বৃহত্তৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ অমায়িক আৰু সকলোৰে লগত মিলি চলা ৰাজাৰ মৃত্যুত ৰাইদঙীয়াৰ লগতে জিলাখনৰ বিভিন্নজন আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে । ইফালে, তেওঁৰ নশ্বৰ দেহ শুকুৰবাৰে সন্ধিয়া নিজ বাসগৃহলৈ অনাৰ পাছত বিভিন্নজন তেওঁৰ বাসগৃহত সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত ৰাজুমণি ৰাজাই পত্নী, এজন পুত্ৰ সন্তানসহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷