ডিজিটেল ডেস্কঃ মোবাইলবিহীন জীৱন কল্পনাই বৰ্তমান আপুনি মই কল্পনাই কৰিবই নোৱাৰো আজিৰ তাৰিখত। দৈনন্দিন জীৱনৰ এক অংশ স্বৰূপ এই মোবাইল ফোনটো। দৈনন্দিন আমি মোবাইল নোহোৱাকৈ কটোৱাটেই আজিৰ তাৰিখত অসম্ভৱ। কিন্তু এই ‘ৱায়াৰলেছ ফোন’ আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বতে চমক সৃষ্টি কৰিছিল মাৰ্টিন কুপাৰ নামৰ ব্যক্তিজনে। কিন্তু মোবাইল ফোনৰ আৱিস্কাৰক জনেই দিনটোৰ ৫ শতাংশতকৈও কম সময়হে স্মাৰ্টফোন ব্যৱহাৰ কৰে।
এই মাৰ্টিনেই কিন্তু শেহতীয়াকৈ বিবিচিৰে হোৱা এক সাক্ষাৎকাৰত কয় যে, ‘জীৱন উপভোগ কৰিবলৈ হ’লে মোবাইল ফোনৰ ব্যৱহাৰ কমাই দিয়ক’।
মাৰ্টিনে প্ৰথমটো মোবাইল ফোন ১৯৮৩ চনৰ ৩ এপ্ৰিলত আৱিস্কাৰ কৰে। সেই ফোনটোৰ ওজন আছিল ডেৰ-দুই পাউণ্ড আৰু ১০ ইঞ্চি দীঘল। এবাৰ চাৰ্জ কৰিলে ২৫ মিনিট কথা পাতিব পাৰিছিল। চাৰ্জ কৰিবলৈ ১০ ঘণ্টা সময় লাগিছিল।