কেৰালাৰ অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছত পুৰুষৰ ২০০ মিটাৰ দৌৰত ২০.৫২ ছেকেণ্ডত স্বৰ্ণ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়া অম্লান বৰগোহাঁইলৈ উষ্ম অভিনন্দন৷ অসমবাসীক গৌৰৱান্বিত কৰা খেলুৱৈগৰাকীয়ে অনাগত দিনতো সফলতাৰ সুউচ্চ শিখৰত উপনীত হওক৷ পুৰুষৰ ২০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে অম্লানৰ সফলতাৰ যাত্ৰা অব্যাহত থাকক বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাই আৰু হিমা দাসে জয়জাত্ৰা অব্যাহত ৰাখি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ সুনাম কঢ়িয়াই আনিছে। পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে। ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকচ্ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। প্ৰথমগৰাকী অসমীয়া খেলুৱৈ অম্লানে অহা জুলাই মাহত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে অম্লানে এই প্ৰদৰ্শনেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।