আজি গুৱাহাটী মহানগৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশ লয়৷ ফাঁচিবজাৰ ঘাটত মুকলি কৰে দুয়োখন নতুন জাহাজ৷ ২৮৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী গে’টৱে ফেৰী টাৰ্মিনেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ তাৰ লগতে অসমৰ জনসাধাৰণৰ সুবিধাৰ্থে সুচল পৰিবহণ সেৱাৰ পোষকতা কৰি পৰিবহণ বিভাগৰ আন ১২টা আধাৰ-ভিত্তিক অনলাইন সেৱা ৰাইজৰ বাবে আজি উৎসৰ্গা কৰে। এই সেৱাক সাঙুৰি ৰাজ্যই এতিয়া পৰিবহণ খণ্ডত দিল্লীৰ তুলনাত ৫টাকৈ অধিক অনলাইন সেৱা প্ৰদান কৰিবলৈ সক্ষম হোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ আজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা কামৰ বোজা কম থকা কাৰ্যালয়ৰ সৈতে স্বয়ংক্ৰিয়ভাৱে কাম ভাগ-বাটোৱাৰা কৰিবলৈ মুকলি কৰে CM-TRANS শীৰ্ষক এক নতুন পদ্ধতি৷ মুখ্যমন্ত্ৰীয়ে গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০জন হিতাধিকাৰীক চালকৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰা হয়। এই পদক্ষেপে আমাৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ উপৰি পৰ্যটন খণ্ডৰ বাবে এক উৎসাহজনক বাৰ্তা কঢ়িয়াব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷