বজালীঃ বজালীত সংঘটিত এক মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে৷ নিজৰ গৃহৰ একেটা কোঠালিতে চিপ লৈ আত্মহনন কৰিছে এহাল দম্পত্তিয়ে৷ বাঘমাৰা আৰক্ষী চকীৰ অন্তৰ্গত কঠালমুৰীৰ বাসিন্দা দিলীপ কলিতা (৫৬) আৰু কুঞ্জলতা কলিতাই(৫০) বাঘমাৰাত এখন ফাৰ্মাচী চলাই জীৱন নিৰ্বাহ কৰি আহিছিল৷ বুধবাৰে সন্ধিয়া প্ৰায় ৭:১৫ বজাত দম্পত্তি হালে নিজ গৃহৰ পাকঘৰত চিপ লৈ আত্মহত্যা কৰে৷
আত্মহননৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বহু ঋণগ্ৰস্ত হৈ এই পথ বাছি লোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷ ইতিমধ্যে বাঘমাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰিছে৷