জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁৱৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া দক্ষিণপাট অঞ্চলৰ শিক্ষক তথা সমাজকৰ্মী ৰিপনজিৎ দাস আৰু চিত্ৰলেখা তালুকদাৰ দাসৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত দুহিতা স্পৃহাৰাণী দাসৰ শান্তি বিয়া উপলক্ষে মঙলবাৰে নিশা স্পৃহাৰ এনিশা শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। স্পৃহাৰাণীৰ পিতৃৰ ব্যক্তিগত একান্ত প্ৰচেষ্টাত নিশা চাৰে ৯ বজাৰ পৰা অনুষ্ঠিত এই অনুষ্ঠানটি নগাঁও মহকুমা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে।যুৱ কৰ্মী হীৰকজ্যোতি দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ শিক্ষক লৱকান্ত শৰ্মাই ভাগলৈ বৰ্তমান সমাজ জীৱনৰ লগত ৰজিতা খুৱাই সাৱলীল বক্তব্য আগবঢ়ায়। বেবেজীয়া প্ৰেছ ক্লাবৰ সভাপতি সমীৰ হাজৰিকা, সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সাংগঠনিক সম্পাদক জয়ন্ত মুদৈ, দক্ষিণপাট ব্যৱসায়ী সন্থাৰ প্ৰাক্তন সভাপতি ভূপেন হাজৰিকা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰেন দাস আৰু সমাজসেৱিকা জিনু দাসকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠ শিল্পী স্বৰাজ দাস আৰু মন্দিৰা ভৰদ্বাজয়ে মাজনিশা পৰ্যন্ত গীত পৰিবেশনৰে উপস্থিত ৰাইজক বেছ আপ্লুত কৰিবলৈ সক্ষম হয়। সংগীতানুষ্ঠানৰ মাজতে “কৃতজ্ঞতা” নামৰ আন এক অনুষ্ঠানত ৰিপনজিৎ দাসে তেওঁৰ ব্যক্তিগত তথা সমাজ জীৱনত ঘটা উত্তৰণৰ দিশত সহায় কৰা প্ৰয়াত আৰু জীৱিত লোকসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি আৰ্শীবাদ প্ৰাৰ্থনাৰে সম্বৰ্ধনা জনায়৷ উল্লেখ্য, এই অনুষ্ঠানটিৰ বাবে স্পৃহাৰাণীৰ বাসগৃহৰ চোতালত সুসৰ্জ্জিত মঞ্চখন ধ্ৰুৱ কুমাৰ ৰাজা(মান্না)ই দুহাতৰ নিপুন পৰশেৰে কাঠ-বাঁহ আদি সঁজুলিৰে সজাই তুলিছিল৷