নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগক নির্দেশনা, দেশৰ বিশ্ববিদ্যালয়সমূহে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত স্নাতকোত্তৰ শ্রেণীৰ চূডান্ত তথা চতুর্থ ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব ৷
নির্দেশনাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই স্নাতকোত্তৰ শ্রেণীৰ চূড়ান্ত আৰু চতুর্থ ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ এই তৎপৰতাৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহৰ সচিব আৰু আৱাসসমূহৰ মুখ্য ৱার্ডেনে পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া ছাত্র–ছাত্রীসকলৰ বাবে ছাত্রাৱাস আৰু ছাত্রীনিৱাস সাজু কৰিবলৈ জাননী জাৰি কৰিছে৷ শ্রেণীসমূহৰ সচিব ড০ দিলীপ বৰাই এই সন্দর্ভত জানিবলৈ দিয়া মতে পহিলা ছেপ্টেম্বৰৰ পিছত চতুর্থ ষাণ্মাসিকৰ ছাত্র–ছাত্রীসকলে আৱাসত থাকিব পাৰিব৷ ছাত্রাৱাস আৰু ছাত্রীনিৱাস তথা শ্রেণীকোঠাসমূহ ইতিমধ্যে এন ডি আৰ এফৰ উদ্যোগত ছেনিটাইজ কৰা হৈছে৷ তদুপৰি ক’ভিড আক্রান্ত ছাত্র–ছাত্রীৰ বাবে সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰা হৈছে৷