February 9, 2023, 2:54 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

স্থিতিশীল অৱস্থাত বিশেষ পৰ্যবেক্ষণত ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী, শাৰীৰিক অৱস্থাৰ হোৱা নাই সলনি

Reporter Name
  • Update Time : Friday, August 28, 2020
  • 92 Time View

ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী বৰ্তমানেও বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে৷ শেহতীয়াকৈ হাওঁফাওঁ সংক্ৰমণ আৰু ৰেনাল্ড ডিছফেণ্টিৰ চিকিৎসা আৰম্ভ হৈছে মুখাৰ্জীৰ৷ গভীৰ ভাৱে সংকটজনক অৱস্থাত ভেণ্টিলেটৰৰ সমৰ্থনত ৰখা হৈছে৷ হেমোডাইনামিক ভাৱে বৰ্তমানেও স্থিতিশীল বুলি জানিবলৈ দিয়ে দিল্লীস্থিত সেনাৰ আৰএনআৰ হস্পিতাল কৰ্তৃপক্ষই৷

প্ৰণৱ মুখাৰ্জীৰ শাৰীৰিক অৱস্থাৰ কোনো সলনি হোৱা নাই৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ভেণ্টেলেটৰৰ সহায়ত স্থিতিশীল অৱস্থাতে চিকিৎসাধীন হৈ আছে৷ দিল্লীস্থিত সেনাৰ হস্পিতাল আৰএনআৰ কৰ্তৃপক্ষৰ মতে সংকটজনক কিন্তু স্থিতিশিল অৱস্থাত ভেণ্টেলেটৰৰ সহায়ত ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী৷ শুকুৰবাৰে পুৱা পৰ্যন্ত প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যজনিত অৱস্থাৰ বিশেষ পৰিবৰ্তন হোৱা নাই৷

পূৰ্বৰ দিন কেইটাৰ দৰেই অতি গুৰত্বপূৰ্ণ স্থিতিত ভেণ্টেলেটৰৰ সহায়ত ৰখা হৈছে মুখাৰ্জীক৷ কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে স্বাস্থ্যৰ দিশ পৰ্যবেক্ষণ কৰি থকাৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী সংকটজনক কিন্তু স্থিতিশিল অৱস্থাত থকা বুলি দিল্লীস্থিত সেনাৰ আৰএনআৰ হস্পিতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে৷

যোৱা ১০ আগষ্টত ৮৩ বছৰীয়া মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল চিকিৎসকৰ দলে৷ অস্ত্ৰোপচাৰ সফল ভাৱে সম্পন্ন হোৱাৰ পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু অৱস্থা সংকটজনক হৈ পৰে৷ তাৰ লগে লগে ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছতে অত্যাধিক দুৰ্বল হৈ পৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুৰ্খাজী৷ ফলত ভেণ্টিলেচনত ৰাখিবলগীয়া হয় ভাৰতৰত্ন মুখাৰ্জীক৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে