ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে NEET-JEE প্ৰবেশিকা পৰীক্ষা অনুষ্ঠিত কৰিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে একাংশ লোক সৰৱ হৈ পৰিছে৷ দেশত ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীয়ে৷ সমগ্ৰ দেশত NEET-JEE প্ৰবেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ত বিতৰ্ক আৰম্ভ হোৱাৰ লগতে শাসক-বিৰোধীয়ে বাকযুদ্ধ কৰি আহিছে৷ ক’ৰোনা কালত ছাত্ৰৰ সুৰক্ষাৰ কথা চিন্তা নকৰি পৰীক্ষা অনুষ্ঠিত কৰিব খোজাত কংগ্ৰেছে ছাত্ৰৰ হিতৰ বাবে স্পীক আপ ফৰ ষ্টুডেণ্ট হেছটেগৰ প্ৰচলন কৰি ছাত্ৰৰ সপক্ষে থিয় দিছে৷
আনহাতে ৬ খন অবিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী NEET-JEE পৰীক্ষা অনুষ্ঠিত কৰিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চাপে৷ NEET-JEEকলৈ এতিয়া দেশত শাসক-বিৰোধীৰ মহাসংগ্ৰাম আৰম্ভ হৈছে৷ বিৰোধী দলসমূহে NEET-JEE পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কৈ আহিছে যদিও চৰকাৰ আগোৰগোজ হৈ পৰা দেখা গৈছে৷ যিকনো মূল্যৰ বিনিময়ত চৰকাৰে NEET-JEE পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বিৰোধীয়ে যিকোনো মূল্যৰ বিনিময়ত স্থগিত কৰিবৰ বাবে সকলো প্ৰচেষ্টা চলাই গৈছে৷ ইয়াৰ মাজতে ৬ খন ৰাজ্যই পৰীক্ষা স্থগিত ৰখাৰ আৰ্জি দি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷ কংগ্ৰেছ শাসিত ৰাজস্থান, মহাৰাষ্ট্ৰ, চট্টিছগড়, পশ্চিমবংগ, পঞ্জাৱ আৰু ঝাৰখাণ্ড চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন আৰ্জি দি পৰীক্ষা স্থগিত কৰাৰ দাবী জনাই৷
ক’ৰোনাকালত NEET-JEE পৰীক্ষা অনুষ্ঠিত হলে ছাত্ৰ-ছাত্ৰী বিপদৰ পৰাৰ কথা উল্লেখ কৰে৷ ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী ডা০ ৰঘু শৰ্মা, চট্টিছগড়ৰ খাদ্য মন্ত্ৰী অমৰজিত ভগত, পাঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধু, পশ্চিমবংগৰ আইন মন্ত্ৰী মলয় ঘটক, ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী ৰামেশ্বৰ ওৰাং, মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰী উদয় আৰ সামন্তে উচ্চতম ন্যায়ালয়ত আৰ্জি দিয়ে৷ নতুন দিল্লীৰ লগতে NEET-JEE স্থগিত ৰখাৰ দাবীত সমগ্ৰ দেশত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যজনিত সুৰক্ষা নিশ্চিত কৰিব নোৱাৰাৰ লগতে যাতায়াত ব্যৱস্থা কৰাত অসুবিধাৰ সৃষ্টি হ’ব বুলি কৈ আহিছে বিৰোধীয়ে৷ ছাত্ৰক বিপদলৈ ঠেলি নিদিবলৈ কয় বিৰোধীয়ে৷ আনহাতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ১৭ আগষ্টৰ ৰায়দানক পুনৰ বিবেচনা কৰিবলৈ কয় উচ্চতম ন্যায়ালয়ক৷