সৰুপথাৰঃ কৰ’না মহামাৰীৰ আতংকৰ বাবেই বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ। অৱশেষত চৰকাৰী নিৰ্দেশ মৰ্মে সম্পুৰ্ণ ছমাহৰ মুৰত আজি খোল খালে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। সৰপথাৰ নগৰৰ মাজমজিয়াত অৱস্থিত সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিও সম্পুৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে আজিৰ পৰা খোল খালে। অধ্যক্ষা মিতালী বৰাই জনোৱা মতে তেওঁলোকে সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ শাৰীৰিক উষ্ণতা পৰীক্ষা কৰিহে বিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰিবলৈ দিছে। লগতে সকলোকে হাত ধোৱা আৰু চেনিটাইজ কৰাৰো সু ব্যৱস্থা কৰিছে।
জানিব পৰা তথ্য অনুসৰি, নৱমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকেহে পাঠদানসমূহ চলিব। আজি পুৱা ৯ বজাৰ পৰা ১২ বজালৈ নৱম শ্ৰেণী আৰু দিনৰ ১ বজাৰ পৰা ৪ বজালৈ একাদশ শ্ৰেণীৰ ক্লাচসমূহ হব। ঠিক তেনেদৰে কাইলৈ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ দশম শ্ৰেণী আৰু দিনৰ ১ বজাৰ পৰা ৪ বজালৈ দ্বাদশ শ্ৰেণীৰ ক্লাচসমূহ চলিব। লগতে শিক্ষকসকলৰো ৫০ শতাংশ শিক্ষকেহে অদল বদলকৈ ক্লাচসমূহ কৰিব পাৰিব।
অৱশ্যে দীৰ্ঘদিনৰ মুৰত খোল খালে যদিও বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী বুলিবলৈ মাত্ৰ চাৰিজন ছাত্ৰহে উপস্থিত হোৱা দেখা গ’ল। প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মনৰ পৰা এতিয়াও ভয় আৰু শংকা কমা নাই। এনেদৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন কিমানদুৰ আগবাঢ়িব পাৰিব সেয়াও এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে।