ৰঙিয়াঃ সাম্প্ৰতিক সময়ত ড্ৰাগছ বৰবিহলৈ ৰূপান্তৰিত হৈছে। মহামাৰীতকৈও ভয়ানক ৰূপ লোৱা ড্ৰাগছ নিৰ্মূল কৰাৰ লক্ষ্যৰে ইয়াৰ বিৰুদ্ধে সবল জনমত গঠনৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী নিপন ভূঞা(জোন)। সংগীত স্কুল অৱ ড্ৰামাৰ বেনাৰত নিৰ্মিয়মান “দ্য চাইলেন্ট কিলাৰ ” শীৰ্ষক ৱেভ ছিৰিজখন প্ৰযোজনা কৰিছে নিপন ভূঞা(জোনে)। ৱেভ চিৰিজখনৰ কাহিনী,চিত্ৰনাট্য আৰু সংলাপ ৰচনাৰ লগতে পৰিচালনা কৰিছে বিশিষ্ট কাহিনী তথা চিত্ৰনাট্যকাৰ পঙ্কজ পল্লৱ শৰ্মাই ।
ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰকাশ, সম্পাদনা মৃদুল শৰ্মা, সঙ্গীত আৰু শীৰ্ষ সঙ্গীতৰ কন্ঠশিল্পী অমৰ কিৰণ। গীতৰ কথা ভাস্কৰ কলিতাৰ। সহঃ প্ৰযোজনা বলেন শীলৰ। মেক আপ অঞ্জু কলিতা। চিৰিজখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস,পংকজ পল্লৱ শৰ্মা, অজিত বৰ্মন, ৰামচৰন ভড়ালী,নিপন ভূঞা(জোন), দিগন্ত কুমাৰ নাথ, বলেন শীল, দ্বিপেশ দাসকে ধৰি বহু নবীন প্ৰবীন শিল্পীয়ে। ছবিখন শিল্পী দিৱসৰ দিনটোত শুভমুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে সাংস্কৃতিক পৰিক্ৰমা নামৰ ইউটিউব চেনেলটোতো সেইদিনাৰ পৰাই উপলব্ধ হ’ব।