সোণাৰি পৌৰসভাৰ অন্তৰ্গত সোণাৰি আৰু মৰাণ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতিৰ নাম ঘোষণা। এখন সাধাৰণ সভাৰ জড়িয়তে তেওঁ লোকৰ নাম সমূহ প্ৰকাশ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সোণাৰি আৰু মৰাণ পৌৰ সভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত পৌৰপতি আৰু উপ-পৌৰপতি নাম চৰাইদেউ জিলা বিজেপি কাৰ্যালয়ত জিলা সহঃ প্ৰভাৰী বিনীতা শইকিয়া, জিলা বিজেপি সভাপতি লক্ষ্মীনাথ তাছৰ উপস্থিতিত নামসমূহ ঘোষণা কৰে। সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ আৰু উপ-পৌৰপতি হিচাপে স্বাক্ষৰ জ্যোতি গগৈ, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত আৰু উপ-পৌৰপতি উদয় শংকৰ গগৈৰ নাম ঘোষণা কৰে। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। দুটা পৌৰসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভাৱে বিজয় হ’বলৈ সক্ষম হৈছে।