সোণাৰিৰ চফ্ৰাইত এক পথ দুৰ্ঘটনাত এগৰাকী অচিনাকী মহিলা থিতাতে নিহত হয়৷ সোণাৰিৰ চফ্ৰাইত কয়লা ভৰ্তি ডাম্পাৰ বাগৰি পৰাত অচিনাকী মহিলাগৰাকীৰ প্ৰাণ যায়৷ চফ্ৰাইৰ ধোদৰআলিত বাগৰি পৰে এএছ-০৪-বিচি-৩২৭৭ নম্বৰৰ এখন কয়লা ভৰ্তি ডাম্পাৰ। ডাম্পাৰখনৰ খুন্দাতে থিতাতে নিহত হয় প্ৰাপ্তঃবয়স্ক মহিলাগৰাকী। মহিলাগৰাকীৰ মৃতদেহটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ খনৰ চালক, হেন্দিমেনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।