স্কাই নিউজ অসম ডেস্ক, ৫ জুনঃ আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী ‘প্ৰকৃতিৰ বাবে সময়’ শীৰ্ষক এখনি সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰাণী বৰ্মনে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰবীন শৰ্মাই ভাষণ প্ৰসংগত কয় যে বিজ্ঞান যিমানেই আগবাঢ়ক সকলোৰে সমাধানৰ উত্তৰ প্ৰকৃতিয়ে দিব। সভাত বিদ্যালয়ৰ শিক্ষক পৰাণ ৰঞ্জন বৰুৱাই জোতিপ্ৰসাদ আগৰৱালাৰ ‘সেউজীয়া সেউজীয়া’ গীতটো পৰিবেশন কৰে।
সভাৰ অন্যতম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ চৌহদত বায়ফিট জিমৰ স্বত্বাধিকাৰী অমিত জৈনে বিনামূলীয়াকৈ বিতৰণ কৰা গছপুলি ৰোপণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰবীন শৰ্মা, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দ্বিজেন্দ্ৰ নাথ বৰঠাকুৰ, অমিত জৈন, প্ৰকাশ চুৰানা, প্ৰভাত শৰ্মা আদি ব্যক্তিসকলে। সভাত উপস্থিত থকা সকলো অতিথিক স্থানীয় বেচৰকাৰী সংস্থা বিন্দু স্মাৰ্টৰ সঞ্চালক তথা বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি মালবিকা চৌধুৰীয়ে বিন্দু স্মাৰ্টৰ উদ্যোগত প্ৰস্তুত কৰা মাস্কেৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ অন্যতন কাৰ্যসূচী হিচাপে আন এটা বেচৰকাৰী সংস্থা আগৰৱালা সখীৰ উদ্যোগত স্কুলৰ বাহিৰ-ভিতৰ চেনিটাইজ কৰা হয়। সভাত সুনীতা ভিলৱাৰিয়া, ডলি গোৱেংকা,অনিতা আগৰৱাল, মিতালী ভিলৱাৰিয়া, সবিতা দেৱী, প্ৰণীতা ভট্টাচাৰ্য, পৰাণ ৰঞ্জন বৰুৱা,দীপাংকৰ মালাকাৰ, শশীধৰ কাকতি, জয়ন্ত পাটুৱাৰী, ৰবীন্দ্ৰ নাথ কলিতাকে ধৰি প্ৰায় ২৫ জন লোক উপস্থিত থাকে।