সোণাপুৰঃ সোণাপুৰৰ চামতাত আজি আবেলি হঠাতে ঘাইপথত এখন বাহন দাউদাউকৈ জ্বলি উঠে৷ চামতাৰ HP পেট্ৰল পাম্পৰ সমীপত গুৱাহাটী অভিমুখে গৈ থকা বাহনখন ৰাজপথতে দাউদাউকৈ জ্বলি উঠে। AS-06-J-7562 নম্বৰৰ বাহনখনৰ বাহিৰত এজন লোক অচেতন অৱস্থাত উদ্ধাৰ হয় যদিও কোনো লোক থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ ৰাজপথত জ্বলি থকা বাহনখনৰ কাষত অচেতন অৱস্থাত লোকজনক উদ্ধাৰ কৰে স্থানীয় লোকে। বাহনখন জ্বলি শেষ হোৱালৈকে উপস্থিত হোৱা নাছিল অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স৷ বাহিৰত উদ্ধাৰ কৰা ব্যক্তিজনৰ ভৰিত আঘাত পৰিলক্ষিত হৈছে।