গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা টুইট কৰি জাৰি কৰা তথ্য মতে, সোমবাৰৰ দিনটোত ৰাজ্যত ধৰা পৰিছে ২৪০৩গৰাকী কোভিড ৰোগী৷ ইয়াৰে ভিতৰত ৫৩৮গৰাকী কামৰূপ মহানগৰৰ, ১৭৫গৰাকী যোৰহাটৰ, ১৮২গৰাকী লক্ষীমপুৰৰ, ১৮৩গৰাকী ডিব্ৰুগড়ৰ আৰু ১১৮গৰাকী গোলাঘাটৰ৷ ইয়াৰ লগে লগে অসমত কোভিড ৰোগীৰ সংখ্যা ১ লাখ ৪৪ হাজাৰলৈ বৃদ্ধি পাইছে৷ সম্প্ৰতি ৩০৫৪৮গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ সুস্থ হৈ উঠিছে ১ লাখ ১৩ হাজাৰ ৰোগী৷ এই পৰ্যন্ত ৪৮২গৰাকী ৰোগীৰ মৃত্যু হৈছে৷