March 31, 2023, 3:06 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সু-খ্যাতিৰে উত্তীৰ্ণ হৈ দিব্যাংগ আব্দুলে উজলাই তুলিলে চাংসাৰিক

Reporter Name
  • Update Time : Sunday, June 7, 2020
  • 146 Time View

গুৱাহাটীঃ একগ্ৰতা, ইচ্ছা শক্তি থাকিলে সফলতাৰ সকলো সীমা অতিক্ৰম কৰিব পাৰি। আৰ্থিক অৱস্থা, শাৰীৰিক অক্ষমতা সফলতাৰ হেঙাৰ হ’ব নোৱাৰে। একগ্ৰতা, ইচ্ছা শক্তিয়ে মানুহক সফল কৰে। এই কথাকেই প্ৰামাণ কৰিছে কামৰূপৰ চাংসাৰীৰ ধোপাতাৰি গাঁৱৰ আব্দুল মজিদ আলীয়ে। এইবেলি আব্দুল মজিদ আলীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিছিল। শনিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি ৫১৩ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় আব্দুল। ৮৬ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।

দৰিদ্ৰ দিব্যাংগ ছাত্ৰ আব্দুল মজিদ আলীৰ দুয়োখন হাত কিলাকুটিৰ তলৰ অংশ নাই। কিলাকুটিৰ ওপৰৰ অংশটো স্বাভাৱিক নহয়। আব্দুল মজিদ আলীয়ে হাতৰ দুয়ো অৰ্ধ অংশ লগ লগাই লেখা মেলা কৰে। লিখি-মেলা কৰাত যথেষ্ট কষ্ট কৰিব লগা হয়।

চাংসাৰিৰ ধোপাতাৰি শিল ভৰাল হাইস্কুলৰ ছাত্ৰ আব্দুল মজিদ আলী। সংগ্ৰামত পিছ হুহুকি নহা প্ৰতিযোগিতামূলক জীৱনৰ প্ৰথম জখলাত সফল হয় আব্দুল মজিদ আলী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰাৰ পিছতে উচ্চ শিক্ষা গ্ৰহণ কৰি এজন চিকিৎসক হ’ব খোজে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আব্দুল। পিতৃ শুকুৰ আলীয়ে দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়ে। দৰিদ্ৰ পিতৃয়ে নিজ পুত্ৰৰ সফলতাত আনন্দিত হৈ পৰে।

শনিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে আব্দুলৰ ঘৰত বহু লোক উপস্থিত হয়। স্থানীয় বিধায়ক সত্যব্ৰত কলিতাই প্ৰতিনিধি প্ৰেৰণ কৰি ছাত্ৰজনক শুভেচ্ছা জ্ঞাপন কৰি সকলো প্ৰকাৰৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। স্থানীয় আছু, অসম সংগ্ৰামী যুৱ-মঞ্চই আব্দুলক অভিনন্দন যাচে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে