আৰিফ আহমেদ, তামুলপুৰঃ বিটিচি নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত ১৫ বছৰীয়া শাসক বিপিএফ নিতৌ প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ বিপিএফকে প্ৰতিবাদ কৰাৰ লগতে আন আন দলেও বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছে। বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাত কোভিডৰ বাবে পলম হৈছে বুলি কয়। কোভিডৰ যি নিয়মাবলী সেই নিয়মাবলী মানি বৰ্তমান নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ দিয়া মতে, বিটিচি নিৰ্বাচন পিছুৱাৱ লাগে। কোভিডৰ পৰিবেশৰ মাজত ভাৰতবৰ্ষত প্ৰথম বিহাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু এই ক্ষেত্ৰত কিছুমান নতুন নিৰ্দেশনা দিয়া হৈছে। বিহাৰৰ নিৰ্বাচনৰ পৰিবেশ লক্ষ্য কৰিহে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব পাৰে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বই জানিব দিছে বুলি সদৰি কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
দৈমাৰীয়ে আৰু কয় যদি বিহাৰৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হয়, তেন্তে অহা নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা যাব পাৰে৷ ইতিমধ্যে ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে যদিও অসমত ৰাজ্যিক নিৰ্বাচনী আয়োগে উপ-নিৰ্বাচন সমূহ বাতিল কৰিছে। নিৰ্বাচন আয়োগে কোভিডৰ পৰিস্থিতি সাপেক্ষে উপ-নিৰ্বাচনসমূহ পতাৰ বাবে অনুমতি নিদিয়ালৈ অসমৰ উপ-নিৰ্বাচনসমূহ অনুষ্ঠিত নহয়। বিটিচিত ২৭ অক্টোবৰত অন্ত পৰিব ৰাজ্যপাল শাসন।
ইয়াৰ মাজতে বিটিচিত নিৰ্বাচন অনুষ্ঠিত নকৰি চৰকাৰে বিটিআৰ চলোৱাৰ বাবে অন্তৱর্তীকালীন পৰিষদ গঠনৰ দ্বাৰা প্ৰশাসন ব্যৱস্থা আনিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ সাংসদ দৈমাৰীয়ে কয় তেনেকুৱা কোনো কথা মই এতিয়ালৈ শুনা নাই। নতুনকৈ গঠন কৰা বিভিন্ন পৰিষদ বিলাকতহে সাধাৰণতে অন্তৱৰ্তীকালীন প্ৰশাসনৰ ব্যৱস্থা কৰা হয় আৰু কিছুদিন পিছত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰপতি বা ৰাজ্যপাল শাসন চলি থকা অঞ্চলত অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰা মোৰ ৰাজনৈতিক জীৱন কালত দেখা নাই বা শুনা ও নাই। বিটিচিত যিহেতু এতিয়া নিৰ্বাচিত চৰকাৰ নাই, সেই কাৰণে বিটিচিত সাংবিধানিক ভাৱে ৰাজ্যপাল শাসন প্ৰৱৰ্তন হৈছে।
সাংসদ দৈমাৰীয়ে ষষ্ঠ অনুসূচী এলেকাত ৰাজ্যপাল শাসন প্ৰৱৰ্তন কৰা সাংবিধনিক নিয়মৰ ভিতৰত পৰে বুলি কয়। কিন্তু ৰাজ্যপাল শাসন বেছি দীঘলীয়া হলে উন্নয়নমূলক কাম কাজ কৰাত অসুবিধা হয়। সেয়হে তাত এখন পৰামৰ্শ দাতা সমিতিৰ নিচিনা সমিতি এখন থকাটো প্ৰযোজন হয়। যদি নিৰ্বাচন পাতিব নোৱাৰা তেনেকুৱা পৰিবেশৰ সৃষ্টি হয়৷ তেতিয়া ৰাজ্যপালে বিটিচিত ৰাজ্যপাল শাসনৰ অধীনতে তেনেকুৱা ধৰণৰ সমিতি গঠন কৰিব পাৰে। যদি ৰাজ্যপালৰ শাসন বেছি দীয়লীয়া হৈ যায়, তেতিয়া সময় সাপেক্ষে কিবা এটা কৰাৰ সাংবিধানিক ব্যৱস্থা থাকিব পাৰে। তেতিয়া অসম চৰকাৰে ক্ষন্তেকীয়া অধিসূচনা বা অৰ্ডিনেঞ্চ জাৰি কৰি আইন সংশোধন কৰি তেনে ব্যৱস্থা আনিব পাৰে। এই ক্ষেত্ৰত কৰিব নোৱাৰা একো নাই। যদি তেনে কৰিব লাগে তেতিয়া বিধান সভাত ক্ষন্তেকিয়া আইন আনিব লাগিব নহলে অৰ্ডিনেঞ্চ জাৰি কৰি তেনেকুৱা ব্যৱস্থা কৰিব লাগিব।
বিটিআৰত অন্তৱৰ্তীকালিন প্ৰশাসন প্ৰৱৰ্তন কৰাৰ কথা মই এতিয়ালৈ শুনা নাই। যদি তেনেকুৱা পৰিবেশৰ সৃষ্টি হয় এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। শেহতীয়া ভাৱে বিশ্বজিৎ দৈমাৰীয়ে বিজেপিলৈ গমণ কৰিব বুলি বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা চলি থকা বুলি সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে এয়া সম্পূৰ্ণ ভাৱে মিছা কথা। মই কেতিয়াও বিপিএফ দলৰ পৰা আতৰি থকা নাই। বৰঞ্চ বিপিএফ দলৰ মাজত বিভিন্ন ইছ্যুক লৈ কাজিয়া কৰি আছো। মই বিপিএফৰ দলৰ পৰা আঁতৰাৰ কোনো প্ৰশ্ন নাই। দলৰ মাজত মোৰ বিভিন্ন বিষয়ক লৈ তৰ্ক যুদ্ধ হৈ আছে। কিছুমান কাম নথকা মানুহে এইবোৰ কথা উলিয়াই থাকে। আজিৰ দিনটোত মই বিপিএফ এৰি বিজেপিলৈ যোৱাৰ কথা চিন্তা কৰা নাই। যদি তেনে ধৰণৰ কথা হয়, সাংবাদ মাধ্যমে নিশ্চয়কৈ গম পাব।
বিটিচিৰ পৰা বিটিআৰ নামাকৰণ কৰা কথাটো বিভিন্ন ৰাজনৈতিক মহলৰ মাজত অসাংবিধান বুলি চলা চৰ্চা চলি থকা বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে স্পষ্ট কৰি দি কয় যে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত এই কথা সস্পষ্ট ভাৱে লিখা আছে যে পেৰা-১, ক্ল’জ ৩ৰ অধীনত চাব ক্ল’জ এফ এফৰ অধীনত ৰাজ্যপালে জনতাৰ বাবে নিৰ্দেশনা জাৰি কৰি ষষ্ঠ অনুসূচি এলেকাত যিকোনো পৰিষদৰ নাম সলনি কৰিব পৰা ক্ষমতা থাকে। সেয়া সংবিধানিক নিয়ম। গতিকে ৰাজ্যপালে সাংবিধানিক ভাৱে বিটিচিৰ পৰা বিটিআৰ নামাকৰণ কৰিছে। যি সকলে সংবিধানৰ পাত লুটিয়াই চাইছে, তেওঁলোকে জানে বিটিচিৰ পৰা বিটিআৰ নামাকৰণ কৰাটো ৰাজ্যপালৰ ক্ষমতাৰ অধীনত আৰু সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰে বিটিচিক বিটিআৰ হিচাপে নামাকৰণ কৰিছে ৰাজ্যপালে। ইয়াক লৈ কোনেও সন্দিহান হোৱাৰ প্ৰশ্ন উত্থাপন কৰিব নালাগে বুলিও সাংসদ দৈমাৰীয়ে মত ব্যক্ত কৰে।