March 28, 2023, 10:39 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সুৰাৰ গাড়ী মুকলি কৰাৰ বাবদ ধন দাবীৰ অভিযোগ, সাংবাদিকৰ বিৰুদ্ধে ৰুজু গোচৰ

Reporter Name
  • Update Time : Tuesday, July 7, 2020
  • 152 Time View

দেৰগাঁওঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোক বুলি জনগণে আদৰ দিয়া সাংবাদিকৰ বিৰুদ্ধ এইবাৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয় ধন দাবী সন্দৰ্ভত এখন এজাহাৰ দাখিল হৈছে উজনিৰ দেৰগাঁও আৰক্ষী থানাত৷ অভিযোগ মতে, দেৰগাঁৱৰ কেইবাগৰাকী সাংবাদিকে আৰক্ষীৰ নামত এগৰাকী লোকক ধন দাবী কৰিছিল।

অভিযোগ মতে, দেৰগাঁৱৰ জৰাগুৰীৰ লইং উপাধিৰ এগৰাকী লোকৰ সুৰাৰ গাড়ী জব্দ কৰিছিল আৰক্ষীয়ে৷ গাড়ীখন মুকলি দিয়াৰ বাবদ কেইজনমান সাংবাদিকে আৰক্ষীক দিবলৈ লইঙৰ পৰা ৫০,০০০ টকা দাবী কৰে৷ ১৫,০০০ টকা আগধন হিচাপে দিয়া বুলিও এজাহাৰত উল্লেখ কৰিছে৷ গোচৰৰ মীমাংসাৰ নামত দেৰগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়াক দিব লাগে বুলি দাবী কৰা বুলি উল্লেখ কৰে এজাহাৰত৷

কিন্তু দেৰগাঁও আৰক্ষী এনে ঘটনাৰ সৈতে জড়িত নহয় বুলি কয়৷ অৱশেষত দেৰগাঁও আৰক্ষীক এজাহাৰ দাখিল কৰে লইং নামৰ লোকজনে৷ দেৰগাঁও আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত ১১০/২০২০ নম্বৰত গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ দেৰগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে