অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা৷ প্ৰায় চাৰিটা দিন হস্পিতালৰ বিছনাত কটাই সুস্থ হৈ ঘৰলৈ উভতিল জুবলী বৰুৱা৷ চাৰিটা দিন পূৰ্বে অসুস্থ হৈ গুৱাহাটী মহানগৰীৰ হেলথ চিটি হস্পিতালত ভৰ্তি হ’বলগীয়া হৈছিল জুবলী। এদিন পূৰ্বে বৃহস্পতিবাৰে হস্পিতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় জুবলীয়ে। ছ’চিয়েল মিডিয়া যোগে পোষ্ট দি স্বাস্থ্য সুস্থ হোৱা বুলি জানিবলৈ দিয়ে গায়িকাগৰাকীয়ে৷ উল্লেখ্য যে, চিকিৎসাধীন হৈ কণ্ঠশিল্পীগৰাকী বিহুৰ কেইবাটাও অনুষ্ঠানত অংশ লোৱাৰ পিছতে ক্ৰমে অসুস্থ হৈ পৰিছিল। ৫ দিন পূৰ্বে অধিক অসুস্থ হৈ পৰাত হেলথ চিটি হস্পিতালত ভৰ্তি কৰে। নিউমনিয়াত আক্ৰান্ত হৈছিল জুবলী বৰুৱা।
জুবলী বৰুৱাই সামাজিক মাধ্যমত পোষ্ট দি কয় ‘‘ডা০ চন্দনা শৰ্মাৰ প্ৰতি অত্যন্ত কৃতজ্ঞ। ডা০ বিকাশ চৌধুৰী, ডা০ কল্পনা চৌধুৰী, ডা০ অতনু বৰঠাকুৰ, ডা০ ব্ৰজেন্দ্ৰ লহকৰ, ডা০ ভৱানী চক্ৰৱৰ্তী, ডা০ সোনালী বৰ্মন ভূঞা, ডা০ স্মিতাক্ষী মেধি, পৰাগ আৰু হেলথ চিটি চিকিৎসালয়ৰ সকলো নাৰ্চ আৰু পৰিচালনাৰ দলক মোক সুস্থ কৰি তুলিবলৈ কৰা যত্নক কৃতজ্ঞতা স্বীকাৰ কৰিছো। সকলো বন্ধুবৰ্গৰ প্ৰতি কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ বাবে শুভকামনা। কালি মোৰ ডিচচাৰ্জ হৈছে। এপ্ৰিল ২০২১-ত ক’ভিডত আক্ৰান্ত হৈছিলো। কিন্তু পোষ্ট ক’ভিড প্ৰভাৱ ইমানেই বেয়া যে ক্ৰিয়াবোৰ বছৰৰ পিছত প্ৰতিফলিত হৈছে। গতিকে যিয়ে এনে সমস্যাত ভুগিছে তেওঁলোকে অনুগ্ৰহ কৰি নিয়মীয়া পৰীক্ষাবোৰ সঠিকভাৱে সম্পন্ন কৰক আৰু সতৰ্ক হওক আৰু সুৰক্ষিত হওক। স্বাস্থ্যই হৈছে সকলো৷’’