গুৱাহাটীঃ সংকট মুক্ত হৈছে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক জাতীয় অৰ্থনীতি সবল কৰাৰ যুঁজাৰু মনোৰম গগৈ৷ ক্ৰমে সুস্থ হৈ উঠিছে হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা মনোৰম গগৈ৷ হৃদৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল গগৈক৷ তাৰ পিছতে সংকটজনক অৱস্থাত উন্নত চিকিৎসা কৰাত ক্ৰমে সুস্থ হৈছে মনোৰম গগৈ৷
বৃহস্পতিবাৰে পুৱাই দুই এক কথা-বতৰা কোৱাৰ লগতে পুৱাৰ চাহ খাইছে গগৈয়ে৷ ১ ছেপ্তেম্বৰত নিশা ঘৰতে অসুস্থ হৈ পৰিছিল গগৈ৷ ততাতৈয়াকৈ পৰিয়ালে জিএনআৰচিত ভৰ্তি কৰাইছিল। মনোৰম গগৈ হৃদ ৰোগত আক্ৰান্ত হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰাৰ লগতে অক্সিজেন ব্যৱস্থাৰ মাজত ৰখা হৈছিল৷
স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল যদিও আজিৰে পৰা সুস্থ হৈ উঠা বুলি জানিব পৰা গৈছে৷ ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ থলগিৰীৰ যোগেদি অসমৰ জাতীয় অৰ্থনীতি সৃদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ বিভিন্ন দল-সংগঠনৰ নেতা তথা ৰাজ্যৰ একাংশ নেটিজেনে গগৈৰ আশু আৰোগ্য কামনা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়া পৰিলক্ষিত হৈছে৷