ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ প্ৰধান অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ আৰু সুশান্তৰ পৰিচালক মিৰিণ্ডাক নাৰকোটিস্ক কণ্ট্ৰোল ব্যূৰ চমুকৈ এনচিবি-এ আটক কৰিছে৷ সুশান্ত ৰাজপুত আত্মহত্যা কাণ্ডৰ সৈতে ড্ৰাগছ কাণ্ড জৰিত হৈ পৰাত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ প্ৰধান অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত শুকুৰবাৰে পুৱা অভিযান চলাই নাৰকোটিস্ক কণ্ট্ৰোল ব্যূৰয়ে৷
আনহাতে আন এটা দলে সুশান্তৰ পৰিচালকৰ ঘৰত তালাচী চলাই৷ অভিযান চলোৱাৰ পিছতে সংস্থাটোৱে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌবিকক লগত লৈ যোৱাৰ লগতে সুশান্তৰ পৰিচালক মিৰিণ্ডাক লগত লৈ যায়৷ দুয়োজনক সোধ-পোছৰ বাবে লগত লৈ যোৱা বুলি জানিব পৰা গৈছে৷ সংস্থাটোৱে তদন্তকালত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌবিক আৰু সুশান্ত সিং ৰাজপুতৰ পৰিচালক চেমুৱেল মিৰিণ্ডাৰ ড্ৰাগছ মাফিয়াৰ সৈতে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছিল৷