March 27, 2023, 2:05 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

‘সুশান্তই আত্মহত্যা কৰা নাই, হত্যা কৰা হৈছে’

Reporter Name
  • Update Time : Friday, August 28, 2020
  • 140 Time View

ডিজিটেল ডেস্কঃ দেশত বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডই তোল-পাৰ লগাই থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী আৰপিআই দলৰ প্ৰধান ৰামদাস আঠৱালে সুশান্তৰ পিতৃ আৰু ভগ্নীক সাক্ষাৎ কৰে শুকুৰবাৰে৷ পিতৃ কে কে সিং আৰু ভগ্নী ৰাণী সিঙক সাক্ষাৎ কৰি পৰিয়ালটোৰ খবৰ লয়৷ ফৰিদাবাদস্থিত আৱাসত সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

মন্ত্ৰীগৰাকীয়ে কয় যে সুশান্তৰ মৃত্যু আত্মহত্যা নহয়, মৃত্যু হত্যা দ্বাৰা হৈছে৷ আঠৱালে পৰিয়াটোক ন্যায় কামনা কৰাৰ লগতে চিবিআইক তদন্তৰ ভাৰ দিয়াত সন্তুষ্ট বুলি কয়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে সুশান্তৰ আত্মহত্যাৰ কাণ্ডই পুনৰ নতুনকৈ পৰিস্থিতি গৰম কৰিব পাৰে৷ অভিনেতা সুশান্তৰ বৃহৎ সংখ্যক অনুৰাগীয়ে দাবী কৰি অহা মতে, সুশান্তই আত্মহত্যা কৰা নাই নাই, এয়া হত্যা কাণ্ড৷ এই গোচৰৰ তদন্ত বৰ্তমান চিবিআই-এ কৰি আৰিছে৷

উল্লেখ্য যে, জনপ্ৰিয় অভিনেতা সুশান্ত ৰাজপুটৰ আত্মহত্যাৰ ঘটনাৰ প্ৰায় ২ মাহৰ অন্তত বিহাৰৰ এখন আৰক্ষী থানাত পিতৃয়ে এজাহাৰ দাখিল কৰিছিল সুশান্তৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে৷ ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী কৰিছে সুশান্তৰ পিতৃ কে কে সিঙে৷ ২৫ জুলাইত গোপনে পাটনাৰ এখন থানালৈ গৈ এজাহাৰ দাখিল কৰে কে কে সিঙে৷ সুশান্তৰ পিতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতে ৰিয়া চক্ৰৱৰ্তীয়ে উচ্চতম ন্যায়ালয়ত আৰ্জি দি গোচৰৰ তদন্ত মুম্বাইত কৰিবলৈ আৰু গোচৰ মুম্বাইলৈ বদলি কৰিবলৈ আহ্বান জনাইছিল৷

আত্মহত্যা কাণ্ডৰ তদন্ত চিবিআইক প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈ আহিছে যদিও পৰিয়ালে এই দাবী উত্থাপন কৰা নাছিল৷ পিছত পৰিয়ালে চিবিআই তদন্ত দাবী কৰাত কেন্দ্ৰীয় চৰকাৰে গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰিছে৷ মুম্বাই আৰক্ষীয়ে সুশান্তৰ মৃত্যু কাণ্ডৰ তদন্ত কৰি আছিল যদিও মুম্বাই আৰক্ষীয়ে তদন্ত সঠিক ভাৱে নকৰাৰ অভিযোগ উত্থাপন কৰি বিহাৰৰ পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী থানাত তিনি পৃষ্ঠাৰ এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ এটা দল অভিনেত্ৰী ৰিয়াক সোধ-পোছৰ বাবে মুম্বাইত উপস্থিত হয় যদিও বৃহ মুম্বাই নগৰপালিকাই পাটনী আৰক্ষীৰ দলক কোৱাৰাণ্টাইন কৰিছিল৷

সুশান্ত সিঙৰ পিতৃ কে কে সিঙে এজাহাৰ দাখিল কৰাৰ পিছতে ঘটনাই নতুন মোৰ লয়৷ এজাহাত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পৰা অৰ্থ আদায় কৰা, কামত বাধা দিয়া, পৰিয়ালৰ পৰা দূৰত ৰখা আৰু শেষত সুশান্তৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ অভিযোগ উত্থাপন কৰে৷ আত্মহত্যা কাণ্ডৰ তদন্ত বিহাৰ আৰক্ষীৰ দ্বাৰা কৰিবলৈ দাবী জনাইছিল সুশান্তৰ পৰিয়ালে৷

সুশান্তৰ মৃত্যুৰ দুমাহ পাৰ হৈ গৈছে আৰু এই পৰ্যন্ত ৩৬গৰাকী লোকক সোধ-পোছ কৰিছে৷ যোৱা ১৪ জুনত সুশান্তৰ মৃতদেহ মুম্বাইৰ বান্দ্ৰাস্থিত ঘৰত উদ্ধাৰ হৈছিল৷ সুশান্তে চিপ লৈ আত্মহত্যা কৰা বুলি প্ৰচাৰ হয় যদিও একাংশ লোকে হত্যাৰ অভিযোগে উত্থাপন কৰি আহিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে