March 25, 2023, 6:57 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সুধাকণ্ঠৰ জন্ম দিৱস, কৰ’নাক্ৰান্তৰ সংখ্যা বৃদ্ধি, গুৰুতৰ লাদাখৰ পৰিস্থিতি, ৰিয়াৰ আৱেগিক মন্তব্য

Reporter Name
  • Update Time : Tuesday, September 8, 2020
  • 93 Time View

১. আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্ম দিৱস। ১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰিছিল যুগজয়ী শিল্পীগৰাকীয়ে। কৰ’না কালৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত জন্ম দিৱসত সুধাকণ্ঠক স্মৰণ।

২. ৰাজ্যত যোৱা ২৪ ঘণ্টাত ২৭৮৫জনৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ। ইয়াৰ ফলত ভাইৰাছবিধত আক্ৰান্ত লোকৰ সংখ্যা ১২৮২৪৪জনলৈ বৃদ্ধি পাইছে। সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৯৯০৭৩ জনলৈ। আনহাতে, চিকিৎসাধীন হৈ আছে ২৮৭৯৮জন ৰোগী। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৭০ জনৰ।

৩. ২০২১ৰ প্ৰথমভাগতে দেশবাসীয়ে লাভ কৰিব পাৰে এটা ভাল খবৰ। মহাকাশত আন এক সাফল্যৰ অধিকাৰী হোৱাৰ দিশে ভাৰত। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জনোৱা মতে, সকলো ঠিকে-ঠাকে থাকিলে, ২০২১ৰ প্ৰথমভাগতে ইছৰোৱে উৎক্ষেপন কৰিব চন্দ্ৰযান-৩।

৪. লাদাখৰ পৰিস্থিতি অতি গুৰুতৰ। এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ দুয়ো দেশৰ মাজত গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনাৰ প্ৰয়োজন আছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে।

৫. এনচিবিৰ জেৰাত ৰিয়া চক্ৰৱৰ্তীৰ আৱেগিক মন্তব্য। ‘মই যি কৰিছিলো সকলো কেৱল সুশান্তৰ ভালৰ বাবেই কৰিছিলো। মই বেলেগ একো কৰা নাছিলো।’-সোমবাৰে জেৰাকালত এইদৰে কোৱা বুলি সদৰী কৰিছে এনচিবিৰ এটি সূত্ৰই।

৬. ভাৰতীয় ষ্টেট বেংককে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কেবাটাও প্ৰতিষ্ঠানে ৫০ উৰ্ধৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। বিৰোধী কংগ্ৰেছ তথা আন দলসমূহৰ মন্তব্য, ‘চৰকাৰ দেউলীয়া হৈছে। মোদী চৰকাৰে দেশৰ অৰ্থনীতি নিঃশেষ কৰি পেলাইছে।’ বেংক কৰ্মচাৰী সংন্থায়ো বিৰোধিতা কৰিলে উক্ত সিদ্ধান্তৰ।

৭. লকডাউনৰ সময়ছোৱাত বিমানৰ টিকট বুকিং কৰাসকলে ঘূৰাই পাব টিকটৰ ধন। দেশৰ উচ্চতম ন্যায়ালয়ক এই কথা অৱগত কৰিছে DGCA-এ। ২৫ মাৰ্চৰ পৰা ৩ মে’ৰ ভিতৰত বিমানৰ টিকট বুকিং কৰাসকলক উভতাই দিয়া হব টিকটৰ ধন। ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় সকলো বিমান টিকটৰ ধন ঘূৰাই দিয়াৰ কথাও সদৰি কৰিছে সংস্থাটোৱে।

৮. আন্তৰ্জাতিক পৰ্যায়ত বিতৰ্কৰ মাজতে ৰাছিয়াই সাধাৰণ জনতাৰ বাবে মুকলি কৰিলে কৰ’না ভেকচিন স্পুটনিক-ভি। ৰাজধানী মস্কোৰ মেয়ৰে জনোৱা মতে অতি কম দিনৰ ভিতৰতে মস্কোৰ সকলো বাসিন্দাকে প্ৰদান কৰা হ’ব এই ভেকচিন। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে আনসকলেও লাভ কৰিব ভেকচিন স্পুটনিক-ভি।

৯. আইচিআইচিআই বেংকৰ প্ৰাক্তন চিইঅ’ চন্দা কোচাৰৰ স্বামী দীপক কোচাৰক গ্ৰেপ্তাৰ। বেংকটোৱে ভিডিঅ’কন গ্ৰুপৰ সৈতে কৰা এক ব্যৱসায়িক চুক্তিক লৈ গ্ৰেপ্তাৰ কৰা হৈছে দীপক কোচাৰক।

১০. অহা ১৪ ছেপ্টেম্বৰত ভাগ্য নিৰ্ণয় হ’ব অসমৰ দুটাকৈ বৃহৎ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কলৰ৷ সেইদিনা NCLTত বিচাৰাধীন হৈ থকা কাগজ কলৰ শেষৰটো শুনানি সম্পন্ন হ’ব। শুনানিৰ অন্তত দেউলীয়া ঘোষণা কৰিলে কাগজ কল দুটা বন্ধ হৈ পৰাতো প্ৰায় নিশ্চিত।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে