ডিজিটেল ডেস্ক : ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ শীৰ্ষ পদত অসম সন্তান৷ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ শীৰ্ষ পদত নিযুক্তি পাইছে এগৰাকী অসম সন্তানে৷ তপন কুমাৰ ডেকাক কেন্দ্ৰীয় চৰকাৰে বিশেষ নিৰ্দেশনাৰ জৰিয়তে দেশৰ ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ শীৰ্ষ পদত নিযুক্তি দিছে৷ ৩০ জুনত আইবিৰ চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰিব তপন কুমাৰ ডেকাই৷
দেশৰ ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমগৰাকী বিষয়া তপন কুমাৰ ডেকা৷ উল্লেখ্য যে ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ বৰ্তমানৰ মুৰব্বী অৰবিন্দ কুমাৰৰ কাৰ্যকাল অহা ৩০ জুনত সমাপ্ত হ’ব। তাৰ পিছত দেশৰ ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰিব তপন কুমাৰ ডেকাই৷ তপন কুমাৰ ডেকা অসমৰ বৰপেটা জিলাৰ বাসিন্দা। ডেকাই বৰ্তমান আইবিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে আইবিৰ অপাৰেচন শাখাৰ দায়িত্বত আছে।
তপন কুমাৰ ডেকা বৰ্তমান জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সৈতে জড়িত হৈ আছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি তেওঁক দুবছৰৰ বাবে আইবিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব দিয়া হৈছে। ডেকা ১৯৮৮ বেটছৰ হিমাচল প্ৰদেশ কেডাৰৰ এজন আইপিএছ বিষয়া। তেওঁ ১৯৯৮ চনত তেওঁ ইন্টেলিজেঞ্চ ব্যুৰ’ত যোগদান কৰিছিল।