বেবেজীয়াঃ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ এখন বিশেষ সভা অনুষ্ঠিত হয় মঙলবাৰে৷ বৰভেটি সমূহীয়া ভৱনত অনুষ্ঠিত সভাখন জিলা সভাপতি নজমল হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত হয়৷ সভাখনত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে পৰিষদৰ ৰাজ্যিক সভাপতি হাফিজুল আহমেদ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মইনুল ইছলাম৷
সভাত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰিষদৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ প্ৰতিনিধিসকলৰ দ্বাৰা নজমল হুছেইনক সভাপতি, জয়নুদ্দিন আহমেদক কাৰ্যকৰী সভাপতি, জাহিদুৰ ৰহমানক সাধাৰণ সম্পাদক আৰু ইস্তাক উদ্দিন হাজৰিকাক বিত্ত সম্পাদক হিচাপে লৈ ৪১ জনীয়া এখন জিলা সমিতি গঠন কৰা হয়৷ সভাই অসমৰ গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ ক্ষেত্ৰত চৰকাৰী প্ৰস্তাৱিত সুকীয়া জৰীপ ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ লগতে শীঘ্ৰে চৰকাৰী প্ৰস্তাৱিত গৰিয়া-মৰিয়া-দেশী উন্নয়ন নিগমখন গঠন কৰাৰ বাবে চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷