ডিজিটেল ডেস্কঃ গুৱাহাটি মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা৷ পুনৰ এজন লোকৰ পৰা দিন-দুপৰতে দুৰ্বৃত্তই কাঢ়ি নিয়ে ডেৰ লাখ টকা৷ UCO বেংকৰ পৰা ধন ওলিয়াইছিল অৱসৰপ্ৰাপ্ত ভাৰতীয় তেল নিগম বিষয়া ধীৰেন বৰুৱা নামৰ লোকজনে৷
সাতগাঁৱৰ প্ৰসূতি নগৰৰ বাসিন্দা ধীৰেন বৰুৱাই এখন ট্ৰেকাৰত নিজা বাসগৃহ অভিমূখে আহিছিল৷ সাতগাঁৱৰ ৰে’ল লাইনত ট্ৰেকাৰৰ পৰা নমাৰ লগে লগেই টকাৰ বেগটো কাঢ়ি নিয়ে কোনো দুৰ্বৃত্তই৷ টকাৰ বেগ কাঢ়ি পালছাৰ বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই নাৰেংগী দিশেৰে পলায়ন কৰে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ চি চি টিভিৰ ফুটেজ চাই আৰক্ষীয়ে দুই যুৱকক চিনাক্ত কৰিছে যদিও বৰ্তমানে টকাৰ বেগ লৈ উধাও হোৱা যুৱকদ্বয়ক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী৷