ডিজিটেল ডেস্কঃ দিল্লীত শেহতীয়াকৈ ধৰা পৰিছে মংকিপক্সত আক্ৰান্ত এজন লোক৷ ৩১ বছৰীয়া এজন লোকৰ দেহত দেওবাৰে ধৰা পৰিছে এই ৰোগ৷ দেশত বৰ্তমানলৈকে এই ৰোগত আক্ৰান্ত হৈছে মুঠ ৪ জনকৈ লোক৷ কিন্তু পূৰ্বৰ ৩জন ৰোগীৰ ক্ষেত্ৰত দেখা গৈছিল যে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ ইতিহাস আছিল৷ কিন্তু শেহতীয়াকৈ দিল্লীত ধৰা পৰা ৰোগীজনৰ কোনোধৰণৰ ভ্ৰমণ ইতিহাস নথকাকৈয়ে লোক জনৰ দেহত ধৰা পৰিছে মংকিপক্স৷ বৰ্তমানে ৰোগী জন মৌলানা আজাদ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে৷