মাজুলীঃ অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক তথা প্ৰাক্তন সহকাৰী সম্পাদক লেখক দেৱজিৎ বৰা কোভিড পজিটিভ ধৰা পৰিছে৷ অসম প্ৰকাশন পৰিষদত কৰ্মৰত তথা গুৱাহাটী বামুণীমৈদামৰ বাসিন্দা দেৱজিৎ বৰা বৰ্তমান লখৰাস্থিত ডিপিএছ কোৱাৰাণ্টাইন কেন্দ্ৰত চিকিৎসাধীন হৈ আছে৷
মাজুলীৰ সন্তান সাহিত্য সংগঠকগৰাকীৰ সু-স্বাস্থ্যৰ কামনা কৰে বিভিন্ন সাহিত্যানুষ্ঠান আৰু শাখা সাহিত্য সভাসমূহে৷ মাজুলী জিলা সাহিত্য সভা গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰা দেৱজিৎ বৰাৰ আশু আৰোগ্য কামনা কৰি মাজুলী নতুন খলিহামাৰী গাঁৱৰ নামঘৰত মাজুলীৰ ত্রিহৃদয় গোষ্ঠীৰ উদ্যোগত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷
মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক পাপু বৰা, নৈপৰীয়া যুৱ সমাজৰ সভাপতি শ্যামন্ত পায়েং, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথসহ আয়তীৰ উপস্থিতিত বন্তি জ্বলাই বৰাৰ মংগল কামনা কৰি প্ৰাৰ্থনা জনায়৷