নগাঁওঃ লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে কেবাখনো আঁচনিৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল৷ ইয়াৰ ভিতৰত অন্যতম আছিল খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা দুখীয়া পৰিয়ালসমূহক এককালীন এক হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ আঁচনি৷ কিন্তু চৰকাৰী এই আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাত প্ৰাপ্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল প্ৰকৃত হিতাধিকাৰী৷ ফলত ইয়াকে লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ উদ্ভৱ ঘটাৰ সময়তে নগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত আইভেটি গাঁও পঞ্চায়তৰ সচিব প্ৰবোধ নাথক তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে। জানিব পৰা মতে, পঞ্চায়তটোৰ সচিব প্ৰবোধ নাথে উক্ত চৰকাৰী সাহায্য বিতৰণত ব্যাপক অনিয়মৰ আশ্ৰয় লৈ উপযুক্ত পৰিয়ালক বঞ্চিত কৰি নিজৰ মন পছন্দৰ লোকৰ নাম সুমুৱাইছিল হিতাধিকাৰীৰ তালিকাত৷ খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা গ্ৰাম্য দৰিদ্ৰ পৰিয়াললৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰদান কৰি থকা এক হাজাৰ টকীয়া আৰ্থিক সাহায্য বিতৰণত এই গাঁও পঞ্চায়তখনত হোৱা খেলিমেলিৰ সম্পৰ্কত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াই প্ৰতিবেদন দাখিল কৰিছিল বিভাগৰ আয়ুক্ত হেমেন দাসক৷ পঞ্চায়ত সচিবগৰাকীৰ এনে কুকীৰ্তি পোহৰলৈ অহাৰ পাছতে বৃহস্পতিবাৰে তৎকালীনভাৱে আযুক্ত হেমেন দাসে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে৷