March 29, 2023, 3:23 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সামাজিক দূৰত্ব মানি বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ত ভাদমহীয়া নাম-কীৰ্তন

Reporter Name
  • Update Time : Wednesday, August 26, 2020
  • 113 Time View

বেবেজীয়াঃ সম্প্ৰতি ৰাজ্যত অব্যাহত থকা ক’ৰোনাৰ বিভীষিকাই সামাজিক জনজীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰি তুলিছে। ভয় আৰু শংকাত ৰাজ্যবাসীয়ে দিন অতিবাহিত কৰিব লগা হৈছে। তাৰ মাজতে চলি আছে অসমৰ বৈষ্ণৱ সমাজৰ পবিত্ৰ ভাদ মাহ। বিগত বছৰবোৰৰ দৰে এইবাৰ ৰাইজৰ মাজত ভাদ মাহৰ মাদকতা নাথাকিলেও ৰাজ্যৰ সকলো নামঘৰ, সত্ৰ, কীৰ্তন ঘৰ তথা উপাসনাস্থলী সমূহ কেৱল হৰি নামৰ ধ্বনি আৰু নাম প্ৰসংগৰে মূখৰিত হৈ পৰিছে।

অনুৰূপ নগাঁও জিলাৰ বেবেজীয়াস্থ একশৰণ ভাগৱতী সমাজ, অসমৰ মুখ্য কাৰ্যালয়ৰ পালনাম থানতো অনুষ্ঠিত হৈ আছে ভাদমহীয়া নাম-প্ৰসংগ। সমাজৰ নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত হৈ থকা এই ভাদমহীয়া নাম-কীৰ্তন চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিয়েই সম্পাদন কৰি অহা হৈছে৷ ইয়াৰ অংশ হিচাপে বুধবাৰে অনুষ্ঠিত হোৱা এই ভাদমহীয়া নাম-প্ৰসংগৰ কাৰ্যসূচীৰ অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ উপ সভাপতি প্ৰমোদ লস্কৰ, বিশিষ্ট সমাজ কৰ্মী তুলন লস্কৰ, নামাচায্য হীৰেন আতা, জিলা সম্পাদক পুষ্পেন্দ্ৰ বাপ, কাৰ্য্যালয় সম্পাদক মুৰুলী ধৰ বাপৰ লগতে সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সচিব ডেভিদ দাস আদিৰ লগতে নগাঁও জিলা পৰিষদৰ উপ সভাপতি প্ৰমোদ লস্কৰ উপস্থিত থাকে৷

লস্কৰে বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ত উপস্থিত হৈ পৰম সৌভাগ্য অনুভৱ কৰাৰ কথা দোহাৰি শান্তি আৰু একতাৰ প্ৰতীক স্বৰূপ একশৰণ ভাগৱতী সমাজৰ নাম কীৰ্তন সমাজৰ বাবে আদৰ্শৰ প্ৰতীক বুলি মন্তব্য আগবঢ়ায়৷ ইফালে, একশৰণ ভাগৱতী সমাজৰ দ্বাৰা ৰূপায়িত হৈ থকা এই ভাদমহীয়া নাম-কীৰ্তনৰ জৰিয়তে মহামাৰী স্বৰূপ কৰ’ণা ৰ পৰা ৰাইজে পৰিত্ৰাণ পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ৰাজ্যবাসীক চৰকাৰী সকলো নীতি-নিয়ম পালন কৰিবলৈও একশৰণ ভাগৱতী সমাজৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে