ডিজিটেল ডেস্কঃ কোভিড-১৯ৰ বাবে সম্পূৰ্ণ সামাজিক দূৰত্ব মানি আজিৰে পৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকা এনটিএ-এ দেশত অনুষ্ঠিত কৰিব IIT-JEE (মূল) প্ৰবেশিকা পৰীক্ষা৷ বিৰোধী দল তথা একাংশ বিশিষ্ট লোকে ব্যাপক বিৰোধ কৰি থকাৰ পিছতো IIT-JEE (মূল) প্ৰবেশিকা পৰীক্ষা অনুষ্ঠিত হ’ব৷ JEE (মূল) পৰীক্ষা আজিৰ পৰা ৬ চেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব৷ আনহাতে NEET পৰীক্ষা অহা ১৩ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব৷ সংযুক্ত প্ৰবেশিকা JEEত (মূল) এইবাৰ ৮ লাখ ৮৫ হাজাৰ ছাত্ৰই পৰীক্ষাত বহিব৷ আনহাতে NEET পৰীক্ষাত ১৫ লাখ ৯৭ হাজাৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব৷ JEE (মূল), মেডিকেল প্ৰবেশিকা NEET পিছুৱাই দিবলৈ বিভিন্ন পক্ষই দাবী জনাইছিল চৰকাৰক৷
৬ ৰাজ্যই কোভিডৰ বাবে পৰীক্ষা পিছুৱাই দিবলৈ আৰ্জি দিছিল আদালতত৷ আদালতে আৰ্জি খাৰিজ কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মঞ্জুৰি দিছিল৷ আদালতে কয় যে ছাত্ৰৰ ভৱিষ্যতৰ সৈতে খেলা কৰিব নোৱাৰো৷ জীৱন চলি থাকিব লাগিব৷ ক’ৰোনা মহামাৰীৰ বাবে পৰীক্ষা দুবাৰ পিছুৱাই দিয়া হৈছে৷ সকলো ছাত্ৰক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব, ছেনিটাইজাৰ ব্যৱহাৰ কৰি পৰীক্ষাত বহিবলৈ নিৰ্দেশ দিছে সংশ্লিষ্ট কৰ্তৃপক্ষই৷ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ পৰীক্ষা গৃহ সম্পূৰ্ণ ছেনিটাইজ কৰা হৈছে৷ কেইখনমান ৰাজ্য চৰকাৰে পৰীক্ষাৰ্থীক বাছৰ ব্যৱস্থা কৰি দিয়াৰ লগতে আন আন সংস্থাও পৰীক্ষাৰ্থীক যাতায়াতত সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷