মানিকপুৰঃ সোমবাৰে সৰভোগত দেশ তথা ৰাজ্যত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে একাংশ সাংবাদিকে৷ বৰনগৰ ডিজিটেল সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৰনগৰ লাইভৰ সহযোগত সৰভোগ শ্বহীদ ভৱনত পুৱা ১০ বজাৰপৰা ১২ বজালৈকে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰে৷
সাংবাদিকসকল নিৰাপত্তাহীনতাত ভোগা বুলি অভিযোগ উত্থাপন কৰি সাংবাদিক হত্যাৰ সৈতে জড়িত দুৰ্বৃত্তক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা, সাংবাদিকক সুৰক্ষাৰ ব্যৱস্থা কৰক, ৰাজ্যৰ প্ৰতিগৰাকী জ্যেষ্ঠ সাংবাদিকক সাংবাদিক পেন্সন দিয়াৰ ব্যৱস্থা কৰক, সাংবাদিক পেন্সনৰ পৰা বঞ্চিত প্ৰতিগৰাকী সাংবাদিকক সাংবাদিক পেন্সন দিয়াৰ ব্যৱস্থা কৰা, হিংসাৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা সাংবাদিকৰ পৰিয়ালক সাহায্য প্ৰদান কৰা, সাংবাদিকৰ সন্তানক অধ্যয়নৰ বাবে বিশেষ শিক্ষা সাহায্য দিয়াৰ ব্যৱস্থা কৰা দাবী উত্থাপন কৰে ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা সংবাদিকসকলে৷