February 1, 2023, 12:56 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

সহযোদী দলৰ বিধায়ক শূন্য কৰিলে বিজেপিয়েঃ বিহাৰৰ VIPৰ বিধায়ক শূন্য, বিজেপিত যোগদান

Reporter Name
  • Update Time : Wednesday, March 23, 2022
  • 82 Time View

বিহাৰৰ বিজেপি, জেডিইউ চৰকাৰৰ সহযোগী দল বিকাশশীল ইনছান পাৰ্টিৰ বিধায়ক শূন্য হৈ পৰিল৷ বিজেপিৰ সহযোগী দল বিকাশশীল ইনছান পাৰ্টিৰ তিনি বিধায়কে বিজেপিত যোগদানৰ ঘোষণা কৰিছে৷ ইপিনে বিকাশশীল ইনছান পাৰ্টিৰ মুৰব্বী মুকেশ চাহনীৰ মন্ত্ৰী পদো নাথাকিব৷

বিহাৰ চৰকাৰৰ মন্ত্ৰী মুকেশ চাহনীৰ দল বিকাশশীল ইনছান পাৰ্টি চমুকৈ ভিআইপিত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে৷ চাহনীৰ বিকাশশীল ইনছান পাৰ্টিৰ তিনি বিধায়কে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। বিধায়কসকলে বিজেপিত যোগদানৰ কথা উল্লেখ কৰি বিধানসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰদান কৰে।

তিনি বিধায়ক বিজেপিলৈ যোৱাৰ পিছতে বিধানসভাৰ একক বৃহত্তম দল হৈ পৰিল বিজেপি। চাহনীয়ে অলপতে বিহাৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ ইংগিত দি এনডিএ মিত্ৰতাৰ বাহিৰে বিধান পৰিষদৰ নিৰ্বাচনত প্ৰতিখন আসনতে নিজৰ প্ৰাৰ্থী প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।

চাহনীয়ে দেওবাৰে বিকাশশীল ইনচান পাৰ্টিয়ে বিধান পৰিষদৰ ২৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছিল। বিহাৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ১২ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে৷ আনহাতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিইউয়ে ১১ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে।

বিজেপিয়ে চাহনীৰ বিৰুদ্ধে নাৰাজ হৈ আছিল। মুকেশ চাহনীৰ বিজেপিৰ প্ৰতি অসন্তুষ্টি যোৱা বছৰ জুলাইত আৰম্ভ হৈছিল৷ মুকেশ চাহনীক বেণাৰসত ফুলন দেৱীৰ স্মৃতিত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া নাছিল। উত্তৰ প্ৰদেশ আৰক্ষীয়ে চাহনীক বিমানবন্দৰত ৰখাই ৰাখিছিল। ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চাহনীয়ে কৈছিল যে এনে ঘটনাই বিজেপি চৰকাৰৰ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ শ্ল’গানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। চৰকাৰৰ সৈতে সমৰ্থন অব্যাহত থাকিব কিন্তু মই মই চৰকাৰৰ সদস্য আৰু এনডিএৰ সদস্য হোৱাৰ বাবে মই গণতান্ত্ৰিক অধিকাৰ লাভ কৰা নাছিলো৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনতো বিজেপিৰ বিৰুদ্ধে চাহনীৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ বিকাশশীল ইনছান পাৰ্টিৰ তিনিজন বিধায়কে স্বৰ্ণ সিং, ৰাজু সিং আৰু মিশ্ৰী লাল যাদৱে বিজেপিত যোগদান কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে