গুৱাহাটীঃ ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে বিটিচি নিৰ্বাচন স্থগিত হৈ থকাৰ পিছতো বিটিচিৰ শাসকীয় বিপিএফ, বিজিপি আৰু প্ৰধান বিৰোধী ইউপিপিএল, কংগ্ৰেছ, ইউডিএফে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। শাসকীয় বিপিএফ, বিজিপি আৰু প্ৰধান বিৰোধী ইউপিপিএল, কংগ্ৰেছ, ইউডিএফে কোকৰাঝাৰ দখল কৰিম বুলি দাবী কৰাৰ লগতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছে।
শেহতীয়াকৈ পুনৰ নিৰ্বাচনী দিন ঘোষণা কৰি বিটিচিত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি প্ৰচাৰ হৈ থকাত পুনৰ ৰাজনৈতিক দলসমূহৰ মাজত বাকযুদ্ধ তথা অভিযোগ-প্ৰতিভিযোগ আৰম্ভ হৈছে। তাৰ মাজতে সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি কোকৰাঝাৰৰ সাংসদ, গণ সুৰক্ষা পাৰ্টী প্ৰধান নৱ কুমাৰ শৰণীয়াই বিটিচিৰ অবৈধ অস্ত্ৰ সমূলঞ্চে উদ্ধাৰ কৰাৰ দাবী জনায়৷
বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ ৪ জিলাত মজুত থকা অবৈধ অস্ত্ৰ-সস্ত্ৰৰ ঘাটিসমূহ অতি সোনকালে উৎখাত কৰিবলৈ দাবী জনায়। নৱ কুমাৰ শৰণীয়াই বিটিচিত অশান্তি সৃষ্টি কৰিবৰ বাবে ইতিমধ্যে বহু চক্ৰই প্ৰচেষ্টা চলাই আছে বুলি কৈ যাৰ বাবে বহু অবৈধ অস্ত্ৰ-শস্ত্ৰ মজুত ৰাখিছে বুলি দাবী কৰে৷
নৱ কুমাৰ শৰণীয়াই সংবাদমেলত কয় যে বিটিআৰ চুক্তি হোৱাৰ পিছৰে পৰা বিগত দিনসমূহত বিটিচি এলেকাত বহু অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ঘাটি প্ৰশাসনে উৎখাত কৰা দেখা গৈছে৷ যদি এইসমূহ ঘাটি সম্পূৰ্ণ ৰূপে উদ্ধাৰ কৰিবলৈ সক্ষম নহয়, তেনেহ’লে বিটিচি এলেকাত অশান্তি কেতিয়াও মাৰ নাযায় বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই৷
আগন্তুক বিটিচিৰ নিৰ্বাচনত ৪০ খন পৰিষদীয় সমষ্টিৰ ভিতৰত ৩০ খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰি অবড়ো সুৰক্ষা সমিতিৰ এইবাৰ জয় নিশ্চিত বুলি কয় সাংসদ শৰণীয়াই৷ সাংসদ শৰণীয়াই কয় যে অবড়ো সমাজ দীৰ্ঘদিনৰ পৰা শোষিত হৈ আহিছে৷ বিটিআৰ চুক্তিত অবড়োসকলক প্ৰতাৰণা কৰা হল৷ বিটিআৰ চুক্তিত অবড়ো স্বাৰ্থৰ কোনো কথাই উল্লেখ নাই বুলি দাবী কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই৷
সমান্তৰালভাৱে বিটিচিত নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফ আৰু বিজেপিয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰি বিজেপিয়ে যদি নিৰ্বাচন খেলে তেন্তে ৩ খনৰ ভিতৰতহে আসন লাভ কৰিব৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ-এআইইউডিএফে এখনো আসন নাপায় বুলি মন্তব্য কৰে সাংসদ শৰণীয়াই৷