জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া মাজ-জামুগুৰিৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা ধৰ্মপৰায়ণ ব্যক্তি মিহিৰাম নাথৰ শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত দেহাৱসান ঘটে৷ জটিল ৰোগত আক্ৰান্ত নাথ বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৩ বছৰ৷ কাৰ্বি আংলং জিলাৰ উলুকুঞ্চি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা নাথে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীৰ মাজত এক সুকীয়া ইমেজ গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ সমান্তৰালভাৱে বিদ্যালয়ত সুন্দৰ শৈক্ষিক পৰিবেশ গঢ়ি তুলি সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল৷ অৱসৰ গ্ৰহণৰ পিছৰে পৰা একাত্মভাবে সমাজসেৱাত নিজকে নিয়োজিত কৰা নাথে জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱৰ সম্পাদক, জামুগুৰি বুঢ়া নামঘৰ পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ বিষয়-বাব দায়িত্বসহকাৰে পালন কৰাৰ উপৰিও বৃহত্তৰ জামুগুৰি অঞ্চলৰ বহুকেইটা সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপোতভাবে জড়িত আছিল৷ সৎ, অমায়িক আৰু সকলোৰে লগত সদ্ভাৱ বৰ্তাই ৰখা সৰবৰহী ব্যক্তি নাথৰ বিয়োগত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰাৰ বিপৰীতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে৷ তেওঁ মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা, দুই ভাতৃসহিতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷