March 29, 2023, 4:29 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সমগ্ৰ জীৱনত কৰিলে সংগীতৰ সাধনা, বিয়লি বেলাত এলাগী তাপস প্ৰতীম বৰা

Reporter Name
  • Update Time : Wednesday, July 8, 2020
  • 158 Time View

জিতুৰঞ্জন গোঁহাই, বৰপথাৰঃ সমগ্ৰ জীৱনেই অসমৰ সাংস্কৃতিক জগতলৈ অৱদান আগবঢ়াইছে গোলাঘাট জিলাৰ বৰপথাৰৰ তাপস প্ৰতীম বৰা নামৰ জ্যেষ্ঠ শিল্পীগৰাকীয়ে৷ সংস্কৃতিৰ সেৱা কৰি জীৱন পাৰ কৰা বৰা ধন, সম্পত্তি গোটাবলৈ নাপালে সময়৷ যাৰ বাবে জীৱনৰ বিয়লি বেলাত এটা এটা টকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সংস্কৃতিৰ সাধকগৰাকীয়ে৷

শিল্পী তাপস প্ৰতীম বৰাই ১৯৮৩ চনৰ পৰাই সংগীতৰ সৈতে জড়িত হৈ পৰে। শিল্পীগৰাকীয়ে দখল আছে সাংস্কৃতিক জগতখনত। সকলো প্ৰকাৰৰ বাদ্যযন্ত্ৰ বজাব জনা শিল্পীগৰাকীয়ে ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ অধিনত ন-শিকাৰুসকলক দীৰ্ঘদিনে সংগীতৰ লগতে বাদ্যযন্ত্ৰৰ শিক্ষা প্ৰদান কৰি আহিছে৷ ১৯৯৩-৯৪ চনত বিশিষ্ট সংগীত শিল্পী তথা পৰিচালক জেপি দাস, অৰুণ দাস আৰু সন্ধ্যা মেননৰ দৰে শিল্পীসকলে তাপস বৰাৰ দ্বাৰা ৰচিত বহুকেইটা গীতত কণ্ঠদান কৰিছিল।

গুৱাহাটী মহানগৰীস্থিত ষ্টুডিঅ’ ড্ৰীমছৰ স্বত্বাধিকাৰী তথা সুকণ্ঠী গায়িকা তৰালি শৰ্মাৰ স্বামী ফণীন্দ্ৰ বৰদলৈৰ একালৰ প্ৰিয় শিষ্য এইগৰাকী শিল্পী। প্ৰায় ২৭ বছৰে সংগীত ক্ষেত্ৰত জড়িত তাপস প্ৰতীম বৰা আজি অসহায়, অৱহেলিত। ৰজাঘৰেও গুৰুত্ব নিদিলে শিল্পীগৰাকীক৷

ৰোগাক্ৰান্ত শিল্পীগৰাকীৰ এতিয়া চিকিৎসা কৰিবলৈ হাতত নাই ধন। আনকি এসাঁজ ভাতৰ বাবে শিল্পীগৰাকীৰ হাতত জমা ধন নাই। শিল্পীগৰাকীয়ে লাভ কৰা নাই শিল্পী পেন্সন৷ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জীৱন আগুৱাই নিছে শিল্পীগৰাকীয়ে৷

শিল্পীগৰাকীয়ে ব্যৱহাৰ কৰা বাদ্য যন্ত্ৰসমূহ এতিয়া এলাগী হৈ পৰিছে। পূৰ্বে ছাত্ৰ-ছাত্ৰীক বাদ্য যন্ত্ৰৰ শিক্ষা প্ৰদানেৰে শিল্পীগৰাকীয়ে যি ধন উপাৰ্জন কৰিছিল সেই উপাৰ্জন এতিয়া বন্ধ৷ শিল্পীগৰাকীৰ উপাৰ্জন বন্ধ হৈ পৰাত ঘৰখনৰ অচলা অৱস্থাৰ সৃষ্টি হৈছে।

ধনশিৰি মহকুমাৰ দুই-এক শুভাকাংক্ষীয়ে শিল্পীগৰাকীক মাজে-সময়ে সহায়ৰ হাত আগবঢ়াই যদিও সেয়া পৰ্যাপ্ত নহয়। বৰ্তমান চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হোৱা শিল্পীগৰাকীয়ে সদাশয় ৰাইজৰ পৰা সহায় বিচাৰিছে। কোনো লোকে শিল্পীগৰাকীক সহায় কৰিব বিছাৰিলে শিল্পীগৰাকীৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সৰুপথাৰ শাখাত থকা একাউণ্ট নম্বৰ-36220603105, IFSC-SBIN0002123ত জমা কৰিব পাৰিব।

ৰাজ্য চৰকাৰে বিভিন্ন সময়ত শিল্পীসকলৰ সুবিধাৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে যদিও এইসকল শিল্পী এতিয়াও সেই তালিকাত অন্তৰ্ভূক্ত হোৱা নাই।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে