March 29, 2023, 2:20 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সমকামী প্ৰেমিক যুগলে একেলগে জীৱন কটাব পাৰিব, ওড়িশা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 141 Time View

ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা সমকামী প্ৰেমিক যুগলে একেলগে জীৱন কটাব পাৰিব। ওড়িশা উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ যোগে এক ৰায় দি কয় যে সমকামী প্ৰেমিক যুগলে লিভ-ইন কৰিব পাৰিব৷ ওড়িশা উচ্চ ন্যায়ালয়ে একপ্ৰকাৰ লিভ-ইন কৰিবলৈ স্বীকৃতি প্ৰদান কৰিলে সমকামী প্ৰেমিক যুগলক৷

এগৰাকী সমকামীৰ আবেদনৰ ভিত্তিত অনুষ্ঠিত শুনানিত সোমবাৰে ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে মিশ্ৰ আৰু সাবিত্ৰী ৰাঠোৰৰ আদালতে গুৰুত্ব পূৰ্ণ মন্তব্য প্ৰকাশ কৰে৷ আদালতত আবেদনকাৰীয়ে কৈছিল যে বিগত এপ্ৰিল মাহত জোৰ কৰি তেওঁৰ সংগীক মাতৃয়ে আতৰ কৰে৷ এই কাণ্ড আছিল ভূৱনেশ্বৰৰ৷ আবেদনকাৰীয়ে ২০১৪ চনৰ এনএএলএছএ গোচৰ অনুযায়ী নিজ অধিকাৰৰ সপক্ষে থকা অধিকাৰকলৈ লৈ প্ৰশ্ন কৰে আদালতক৷

পুৰুষ হিচাপে বিবেচনা কৰিবলৈ এই আৰ্জি দাখিল কৰা হয়৷ আবেদনত কোৱা হৈছিল যে তেওঁ আৰু তেওঁৰ সংগী দুয়ো প্ৰাপ্তবয়স্ক৷ একেলিংগ হোৱাৰ ফলত দুয়ো বিবাহত বহিব খোজা নাই৷ কিন্তু লিভ-ইন কৰাৰ অধিকাৰ আছে৷ আনহাতে ২০০৫ চনৰ গ্ৰাৰ্হস্থ হিংসা আইনত লিভ-ইন সম্পৰ্কে স্বীকৃতি দিয়া হৈছে বুলি কয়৷ যিকোনো লিংগ নিৰ্বিশেষে মহিলা সংগীক একেই অধিকাৰ সুবিধা প্ৰদান কৰা হৈছে৷

এই গোচৰৰ ওড়িশা চৰকাৰে পক্ষ লোৱা দেখা নগ’ল৷ আদালতৰ নিৰ্দেশ চৰকাৰে পালন কৰিব বুলি জানিবলৈ দিয়ে৷ আদালতত মহিলাৰ স্বাৰ্থ সুৰক্ষা নিশ্চিত কৰাৰ আৰ্জি দিছিল আবেদনকাৰীৰ মাতৃয়ে৷ ইয়াৰ লগে লগে আদালতে ৰায় প্ৰদান কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়ক লক্ষ্য কৰি আদালতে এটা কথা মন কৰিছে যে আবেদনকাৰীৰ নিজ লিংগ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে৷ নিজ পচন্দৰ সংগী, যদি একেই লিংগৰো হয় তেওঁলোকৰ লিভ-ইন কৰাৰ অধিকাৰ আছে৷ আমাৰ বিশ্বাস আবেদনকাৰীয়ে তেওঁৰ সংগীক লৈ সুখৰ জীৱন কটাব৷ তেওঁলোকক সমাজে আঙুলি তোৱাব নোৱাৰিব৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে