গুৱাহাটীঃ পুনৰ বিভাজিত হ’ব পাৰে অসম গণ পৰিষদ। বৃহস্পতিবাৰে দলৰ সাধাৰণ পৰিষদৰ এখন বৈঠকক কেন্দ্ৰ কৰিয়েই শীৰ্ষ নেতৃত্বৰ মাজত তীব্ৰ বাদানুবাদ আৰম্ভ হৈছে। দলৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক একাংশই পুনৰ সভাপতি হিচাপে প্ৰক্ষেপ কৰিছে। মহন্তয়ো আগ্ৰহ প্ৰকাশ কৰিছে পুনৰ দলৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ।
মহন্তপন্থীৰূপে পৰিচিত অগপৰ একাংশ জ্যেষ্ঠ নেতাই ২৭ আগষ্টত অতুল বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পাৰে। অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ পৰিষদৰ বৈঠকত মহন্তৰ সমৰ্থকসকলে কাইলৈ অতুল বৰাৰ পৰিৱৰ্তে প্ৰফুল্ল কুমাৰ মহন্তক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ দাবী উত্থাপন কৰিব।
ইফালে ৰৈ থকা নাই বৰাপন্থীও। কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ মন্ত্ৰণাত অতুল বৰাৰ সভাপতি পদ অক্ষুণ্ণ ৰাখিবলৈ একাংশ বিধায়কে চেষ্টা অব্যাহত ৰাখিছে। এই পন্থীত কেইবাজনো বিধায়কৰ লগতে মন্ত্ৰী ফণীভূষণ চৌধুৰীও আছে বুলি দলীয় সূত্ৰত প্ৰকাশ।
প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ সমৰ্থকসকলক অসন্তুষ্ট কৰি অতুল বৰা পুনৰ দলৰ সভাপতি হ’লে দলত বিভাজন অহাটো নিশ্চিত বুলি আন এক সূত্ৰই জানিবলৈ দিছে। সেই সূত্ৰটোৰ মতে, বৃন্দাৱন গোস্বামীকে ধৰি আন একাংশ বিধায়কে প্ৰফুল্ল কুমাৰ মহন্তক সভাপতি হিচাপে লৈ ২০২১ত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিচাৰিছে।
কোন হ’ব বিজয়ী মহন্ত নে বৰা- অগপত এতিয়া তাৰেই হিচাপ নিকাচ।