March 30, 2023, 7:33 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সভাপতি নিৰ্বাচিত হৈ আবেগিক অতুল বৰা, ‘হিন্দু-মুছলমান আমি সকলোৱে অসমীয়া’

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 157 Time View

গুৱাহাটীঃ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল বুলি দাবী কৰা অসম গণ পৰিষদৰ বৃহস্পতিবাৰে বিশেষ অধিবেশন অনুষ্ঠিত হয়৷ এই বিশেষ এদিনীয়া অধিবেশনৰ বিৰুদ্ধে একাংশ নেতা-কৰ্মী নাৰাজ যদিও আন একাংশ নেতা-কৰ্মী সুখী হোৱা দেখা যায়৷ মূলত এই অধিবেশনত উপস্থিত নাছিল প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত৷

প্ৰফুল্ল কুমাৰ মহন্তই অধিবেশনত উপস্থিত নথকাৰ লগতে এই অধিবেশন অসাংবিধানিক বুলি ক্ষোভ উজাৰে৷ এই অধিবেশনত বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ সভাপতি নিৰ্বাচিত হয় বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী অতুল বৰা৷ অতুল বৰা ২০১৪ চনৰ পৰা অগপৰ সভাপতি হৈ আছে৷ অতুল বৰা অসাংবিধানিক ভাৱে সভাপতি নিৰ্বাচিত হোৱা বুলি কয় প্ৰফুল্ল কুমাৰ মহন্তই৷ তাৰ মাজতে পুনৰ সভাপতি নিৰ্বাচিত হৈ অতুল বৰাই ছ’চিয়েল মিডিয়া যোগে আবেগিক পোষ্ট কৰি দলৰ নেতা-কৰ্মীক ধন্যবাদ যাচে৷ বৰাই গভীৰ আস্থা, বিশ্বাস আৰু যি গধুৰ দায়িত্ব প্ৰদান কৰিলে তাৰ বাবে নেতা-কৰ্মীক ধন্যবাদ জ্ঞাপন কৰি দলটোক নতুন সাজেৰে গঢ় দিবলৈ চেষ্টা কৰিম বুলি কয়৷

অতুল বৰাই ফেচবুক পোষ্ট যোগে কয় ‘‘সকলো স্তৰৰ কৰ্মীসকললৈ গভীৰ শ্ৰদ্ধা আৰু অভিনন্দন জনাইছো। আমাৰ ওপৰত যি গভীৰ আস্থা, বিশ্বাস আৰু যি আমাক গধুৰ দায়িত্ব প্ৰদান কৰিলে দলটোক আমি নতুন সাজেৰে গঢ় দিবলৈ চেষ্টা কৰিম। আগন্তুক নিৰ্বাচনত বৰ্তমানৰ ১৪খন আসন কেনেকৈ বৃদ্ধি কৰিব পাৰি সেইটো আমাৰ মূল লক্ষ্য হ’ব। নতুন সাজেৰে প্ৰগতিশীল জাতীয়তাবাদৰ মন্ত্ৰেৰে কামৰ জৰিয়তে আমি আগুৱাই যাম। ৰাজ্যখনত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে। বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে, যি সকলে অসমৰ বায়ু পানীৰ লগত বিলীন হৈ গৈছে সেই সকল অসমত অসমীয়া, হিন্দুৱে হওঁক নাইবা মুছলমান হওঁক। সেই সকলোকে লৈ আমি কেনেকৈ আগবাঢ়ি যাব পাৰো, বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ ভৈয়াম সকলোৰে মানুহক লৈ আমি কেনেকৈ আগবাঢ়ি যাব পাৰো তাৰেই চেষ্টা চলিব। আঞ্চলিক দলৰ প্ৰাসংগিকতা বহু গুণে বৃদ্ধি পাইছে। নতুন চিন্তা চৰ্চাৰে আমি আগবাঢ়ি যাম। ২০২১ নিৰ্বাচনক লক্ষ্য লৈ পুৰণাসকলৰ অভিজ্ঞতা আৰু নতুনসকলৰ উদ্যমক লৈ আমি আগবাঢ়ি যাম। মোৰ দৃঢ় বিশ্বাস দল শক্তিশালী হব। তীব্ৰ গতিৰে আমি ২০২১ৰ নিৰ্বাচনৰ বাবে আগবাঢ়ি যাম।’’

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে