দুধনৈঃ অহা ১৭ চেপ্তেম্বৰত বিজেপিৰ নেতা তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন৷ বিজেপিয়ে দেশব্যাপি ৭ দিনীয়াকৈ পালন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন৷ ইতিমধ্যে বিজেপিয়ে জন্মদিন পালন কৰিবলৈ সাজু হৈছে৷ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিৱস উপলক্ষে গোৱালপাৰা জিলা বিজেপিৰ কুশধোৱা মণ্ডলে আজি চাফাই অভিযান চলায়।
কাৰ্যসূচী অনুসৰি দুধনৈ বালাচাৰা, ৰঙাগড়া, চিলুক, মনুপাৰা, দৰংগিৰি-ঝাকুৱাপাৰা আৰু শিমলীতোলা বজাৰত বিজেপি কাৰ্যকৰ্তাসকলে চাফাই অভিযান চলায়। দামৰা-বালাচাৰাত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই চাফাই অভিযানৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে বিজেপিয়ে সপ্তাহ জুৰি কাৰ্যসূচী ৰূপায়ণ কৰিছে৷