সন্মান ৰক্ষা হ’ব নে৷ ৰাজ্যসভাত দ্বিতীয়খন আসন বিৰোধিয়ে নিজৰ হাতলৈ আনিব পাৰিবনে? আজি অসম বিধানসভাৰ প্ৰেক্ষাগৃহত বিৰোধীৰসমূহ বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনাৰ বাবে মিলিত হয়৷ আটাইকেইটা বিৰোধী দলৰ নেতৃত্ব উপস্থিতি থকা সভাত কেইবাটাও সিদ্ধান্ত লয়৷ কংগ্ৰেছ, ইউডিএফ, ৰাইজৰ দল আৰু চিপিআইএমৰ বৈঠকত কেনেদৰে দ্বিতীয়খন আসন জয়ী হ’ব পৰা যায় সেই বিষয়ত ৰণনীতি তৈয়াৰ কৰে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক অধ্যক্ষ, ভৰত চন্দ্ৰ নৰহক আহ্বায়ক, ৰকিবুল হুছেইন, অখিল গগৈ, হাফিজ বছিৰ আহমেদ কাছিমি, মনোৰঞ্জন তালুকদাৰ আৰু আমিনুল ইছলামক সদস্য হিচাপে লৈ সমিতি গঠন কৰা হয়৷ চাৰিওটা দলৰ উমৈহতীয়া সমিতিয়ে নিৰ্বাচনৰ সকলো দিশ পৰ্যবেক্ষণ কৰিব৷ একেদৰে কংগ্ৰেছ বিধায়ক শশীকান্ত দাস সম্পৰ্কত আইনগত ব্যৱস্থা ল’বৰ বাবেও সমিতি যোগে পৰ্যালোচনা কৰিব বুলি কয়৷ কাইলৈ (২১ মাৰ্চ) পুৱা ১১ বজাত বিৰোধী দলসমূহৰ প্ৰাৰ্থী ৰিপুন বৰাই মনোনয়ন পত্ৰ দাখিল কৰিব।