কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনক লৈ বিভিন্ন দল-সংগঠনৰ মাজত তৎপৰতা অব্যাহত থকাৰ সময়তে সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে আজি নিজ পদৰ পৰা পদত্যাগ কৰিছে। সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে নিজৰ পদত্যাগ পত্ৰ সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথৰ হাতত অৰ্পন কৰে। নিজৰ পদত্যাগ পত্ৰত একান্তই ব্যাক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে সদ্য পদত্যাগী সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে।