কোকৰাঝাৰঃ সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি, বিটিচিৰ চেণ্ট্ৰেল চিলেকচন বৰ্ডৰ প্ৰাক্তন সদস্য তথা নাথ যোগী সম্প্ৰদায়ৰ এগৰাকী নেতা পিয়লি ফুকন নাথে(৬০) আজি ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিনৰ পৰা জটিল ৰোগত ভুগি থকা পিয়লি ফুকন নাথে বালাজান তিনালীৰ বাসগৃহতে আজি শেষ নিশ্বাস ত্যাগ কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰে। নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই মৃতকৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, বিটিএডি নাথ যোগী সন্মিলনীৰ উপ-সভাপতি প্ৰদীপ নাথ, বালাজান তিনালী বজাৰ উন্নয়ন সমিতিৰ সভাপতি শুকুৰাম দৈমাৰী, বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সভাপতি ধনঞ্জয় নাথ, সম্পাদক দৰবিন্দ্ৰ বসুমতাৰী, বিপিএফ, ইউপিপিএলৰ স্থানীয় নেতা-কৰ্মী আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ নেৰ্তৃবৰ্গই প্ৰয়াত নাথৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে। ইফালে, বালাজান তিনালী বজাৰ উন্নয়ন সমিতিয়ে কাইলৈ অৰ্থাৎ ১৪ মাৰ্চৰ পুৱা ৬:০০ বজাৰ পৰা ১২:০০ বজালৈ পিয়লি ফুকন নাথৰ মৃত্যুত শোক প্ৰকাশ কৰি ৬ ঘণ্টীয়া বালাজান তিনালী বন্ধৰ আহ্বান জনাইছে।
উল্লেখ্য যে বড়ো আন্দোলনৰ সময়ছোৱাত গঠিত হোৱা কো-অৰ্ডিনেচন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট নামৰ সংগঠনটোত পিয়লি ফুকন নাথ এগৰাকী আহ্বায়ক হিচাপে বড়ো আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। প্ৰয়াত নাথ বিপিএফ দলৰ এগৰাকী কাৰ্যকৰী সদস্য আছিল। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স’তে ওতপ্ৰোতঃভাৱে জড়িত থকা পিয়লি ফুকন নাথৰ মৃত্যুত বিপিএফৰ কোকৰাঝাৰ জিলা কমিটীৰ সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰয়াত নাথে মৃত্যুৰ পূৰ্বে দুগৰাকী পত্নী, এগৰাকী কন্যা আৰু এটি সন্তান ইহজগতত এৰি থৈ যায়।